পঞ্চায়ত নিৰ্বাচনত প্ৰয়োজন হ’ব ১২ নথি পত্ৰৰ
সদ্য ঘোষিত নিয়মৰ অধীনত, প্ৰাৰ্থীৰ শিক্ষাগত যোগ্যতা, স্থায়ী বাসস্থানৰ প্ৰমাণ, আয়ৰ উৎস, আৰু সম্পত্তিৰ তথ্যসহ একাধিক নথি দাখিল কৰিব লাগিব। এই নতুন নিয়মসমূহৰ উদ্দেশ্য হৈছে নিৰ্বাচনৰ প্ৰক্ৰিয়া অধিক স্বচ্ছ আৰু দায়িত্বশীল কৰা।
পঞ্চায়ত নিৰ্বাচনৰ সময়সূচী জানুৱাৰীৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ’ব বুলি চৰকাৰী সূত্ৰই জানিবলৈ দিছে। নিৰ্বাচনসমূহ ফ্ৰেব্ৰুৱাৰী-মাৰ্চ মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।