BTR NEWS

নেপালত হিংসাত্মক প্ৰতিবাদৰ পাছত চৰকাৰে প্রত্যাহাৰ কৰিলে ছ’চিয়েল মিডিয়া নিষেধাজ্ঞা

Telegram

নেপালত হিংসাত্মক প্ৰতিবাদৰ পাছত চৰকাৰে প্রত্যাহাৰ কৰিলে ছ’চিয়েল মিডিয়া নিষেধাজ্ঞা

নেপালত হোৱা তীব্ৰ হিংসাত্মক প্ৰতিবাদত এতিয়ালৈকে কমেও ১৯ জন লোকৰ মৃত্যু আৰু ৩০০ৰো অধিক লোক আহত হোৱাৰ পিছত চৰকাৰে ছ’চিয়েল মিডিয়া চাইটসমূহৰ ওপৰত আরোপ কৰা নিষেধাজ্ঞা প্রত্যাহাৰ কৰিবলৈ সিদ্ধান্ত লৈছে।

 

কেবিনেটৰ জৰুৰী বৈঠকৰ পাছত নেপালৰ যোগাযোগ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী পৃথ্বী চুব্বা গুৰুঙে এই সিদ্ধান্তৰ ঘোষণা কৰে। তেওঁ কয়, কাঠমাণ্ডুৰ সংসদৰ সন্মুখত ‘Gen Z’ আন্দোলনকাৰীৰ দাবীৰ ভিত্তিত চৰকাৰে ছ’চিয়েল মিডিয়া পুনৰ আৰম্ভ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ সংশ্লিষ্ট সংস্থাসমূহক নিৰ্দেশ দিছে।

 

উল্লেখযোগ্য যে, তিনিদিন পূৰ্বে নেপাল চৰকাৰে পঞ্জীয়ন নকৰাৰ বাবে ফেচবুক আৰু ‘এক্স’ সহ ২৬টা ছ’চিয়েল মিডিয়া চাইট নিষিদ্ধ কৰিছিল। কিন্তু দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া আৰু আন্দোলনৰ পৰিপ্রেক্ষিতত সোমবাৰে নিশাৰ পৰা ফেচবুক, ‘এক্স’, হোৱাটছএপ আদি পুনৰ কার্যক্ষম হৈ উঠিছে।

 

👉 নেপালৰ এই সিদ্ধান্তে আন্দোলনকাৰীৰ দাবি আংশিক পূৰণ কৰিলে বুলিও বিশেষজ্ঞসকলৰ মতে, আগন্তুক দিনত এই আন্দোলনৰ গতি প্ৰকৃতিপৰায়ণ হ’ব।

Exit mobile version