BTR NEWS

নুমলীগড়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঐতিহাসিক অনুষ্ঠান

Telegram

নুমলীগড়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঐতিহাসিক অনুষ্ঠান

 

আজিৰ দিনটোত নুমলীগড়ত আয়োজন কৰা হৈছে দেশৰ এক ঐতিহাসিক অনুষ্ঠান। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ দিনটোত জৈৱ ইথানল প্ৰকল্পৰ শুভ উদ্বোধন কৰে। প্ৰায় ৫,০০০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হোৱা এই প্ৰকল্পই দেশত এক নতুন দিশ উন্মোচন কৰিব।

 

ইথানল প্ৰস্তুতৰ লগতে এই উদ্যোগত জৈৱ কয়লাৰো উৎপাদন কৰা হ’ব। এইখন জৈৱ ইথানল প্ৰকল্পৰ লগতে ৭,০০০ কোটি টকা ব্যয়সাপেক্ষে পলিপ্ৰপেলিন প্ৰকল্পৰ আধাৰশিলা প্ৰধানমন্ত্ৰীগৰাকীয়ে স্থাপন কৰিব। জাৰ্মানীৰ অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত এই প্ৰকল্পৰ দ্বাৰা বছৰি প্ৰায় ২৩০ কোটি টকাৰ পণ্য ৰপ্তানি কৰা সম্ভাৱনা সৃষ্টি হৈছে। ইয়াৰ জৰিয়তে দেশৰ বাবে বছৰি ৫৫ মিলিয়ন আমেৰিকান ডলাৰৰ আয় হ’ব বুলি অনুমান কৰা হৈছে।

 

এই প্ৰকল্পৰ ফলা-ফলত বছৰি ১.২ কোটি মেট্ৰিক টন কাৰ্বন ডাইঅক্সাইডৰ ব্যৱহাৰ হ্ৰাস হ’ব। লগতে দেশৰ ৪ৰ্থ পেট্ৰকেমিকেল শোধন ক্ষমতা সৃষ্টি হ’ব।

 

পাছে, যোৱা বছৰত দেশত শক্তি ব্যৱহাৰ ক্ষমতা ৭.৪% বৃদ্ধি পোৱা সময়তে নুমলীগড়ত আৰম্ভ হোৱা এই প্ৰকল্পৰ গুৰুত্ব অধিক। লগতে নুমলীগড় শোধনাগাৰৰ অন্যান্য ৩-৯ মিলিয়ন টন ক্ষমতাবলীয়া প্ৰকল্পসমূহ ডিচেম্বৰত সম্পূৰ্ণ হ’ব বুলি কোৱা হৈছে।

 

উল্লেখযোগ্য যে, অসমত শোধনাগাৰৰ যাত্ৰা আৰম্ভ হৈছিল ১৯০১ চনত ডিগবৈ শোধনাগাৰৰ পৰা। তাৰ পৰাই দেশৰ জ্বালানী আৰু শোধন ক্ষেত্ৰত অসমে বিশেষ অবদান আগবঢ়াইছে। পাণিপথৰ পাছত এতিয়া নুমলীগড় এক ঐতিহাসিক অধ্যায়লৈ প্ৰৱেশ কৰিছে।

Exit mobile version