*নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন*
তামুলপুৰ, ১৩ ছেপ্টেম্বৰ, ২০২৫
সমাগত বডোলেণ্ড পৰিষদীয় নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১২ ছেপ্টেম্বৰত নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৱে ৩০-গোৰেশ্বৰ (জনজাতি) সমষ্টিৰ অন্তৰ্গত ২৯টা ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰে। তেওঁ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ বিজুলী, খোৱাপানী, শৌচাগাৰ আদিকে ধৰি প্ৰয়োজনীয় সকলো সুবিধাৰ বুজ লয় আৰু বি এল অ’ আৰু প্ৰধান শিক্ষকসকলক এইক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ আহ্বান জনায়। পৰিদৰ্শন কালত পৰ্যৱেক্ষকগৰাকীৰ সৈতে সহকাৰী নিৰ্বাচনী বিষয়াদ্বয় ত্ৰিলীনা টাইদ আৰু ডঃ জিণ্টু দত্তৰ লগতে প্ৰট’কল বিষয়া কিংশুক ৰক্তিম কুমাৰ আদি উপস্থিত থাকে।