
নিশা তামুলপুৰৰ কাউলীৰ ২ নং পাহাৰপুৰত বন্য হস্তীৰ উপদ্ৰৱ। ভাঙিলে ঘৰ-দুৱাৰ, ক্ষতি কৰিছে বৃহৎ তামোলৰ বাগান।অঞ্চলটোৰ ঘনশ্যাম শৰ্মা নামৰ লোকগৰাকীৰ প্ৰায় ৮ বিঘা ভূমিত ৰোপন কৰা তামোলৰ বৃহৎ বাগানত জাকটোৱে প্ৰৱেশ কৰি ভাঙিলে তিনিশৰো অধিক তামোল গছ। বন্য হস্তীৰ এই উপদ্ৰৱত প্ৰায় তিনি লক্ষাধিক টকাৰ লোকচান হোৱাৰ কথা উল্লেখ লোকগৰাকীৰ।নিশা বৰষুণ দি থকাৰ বাবে হাতী অহাৰ উমান পোৱা নাছিল অঞ্চবাসীয়ে।জাকটোত প্ৰায় ৩০ টাৰো অধিক হাতী থকাৰ সন্দেহ। ইপিনে অঞ্চলটোৰ আন খেতিয়ক সকলৰো ভাঙিছে তামোলৰ গছ। লণ্ড-ভণ্ড কৰিছে এটা ৰন্ধাগৃহও। ইপিনে, নিশা পহৰা দিবলৈ বন বিভাগক অহাযোৱাৰ বাবে বাহন যোগান ধৰাৰ বাবেও অনুৰোধ স্থানীয় লোকৰ। উল্লেখ যে হাতী খেদাৰ সামগ্ৰী আৰু উপযুক্ত বাহনৰ
অভাৱত বন বিভাগৰ লোকে সময়মতে আহিব নোৱাৰে ঘটনাস্থলীত। একে সময়তে কেইবাঠাইত কৰ্তব্য পালন কৰিব লগা হোৱা বাবে বন বিভাগে যথা সময়ত আহি নাপায় বুলি উল্লেখ ৰাইজৰ।