BTR NEWS

নিশাৰ ৰংচঙীয়াৰ আঁৰত কি চলিছে মহানগৰীত! এইবাৰ বৰা চাৰ্ভিছত আৰক্ষীৰ জালত অসামাজিক চক্ৰ

Telegram

নিশাৰ ৰংচঙীয়াৰ আঁৰত কি চলিছে মহানগৰীত! এইবাৰ বৰা চাৰ্ভিছত আৰক্ষীৰ জালত অসামাজিক চক্ৰ

 

গুৱাহাটী মহানগৰীৰ নিশা জীৱনৰ আঁৰত পুনৰ এক অসামাজিক চক্ৰৰ সন্দেহ উদঘাটিত। মহানগৰীৰ নামী বৰা চাৰ্ভিছত আৰক্ষীয়ে অভিযান চলাই বহু অসামাজিক কার্যকলাপত জড়িত লোকক জালত পেলায়।

 

পুলিশ সূত্ৰৰ মতে, নিশাৰ অন্তৰালত এই স্থানত চলি আছিল অশ্লীল কাৰ্যকলাপ আৰু বেআইনী মাদক সৰবৰাহ। অভিযানত সন্দেহজনক সামগ্ৰী জব্দ কৰাৰ লগতে কেইজনমান লোকক আটক কৰা হয়।

 

আৰক্ষীসকলে কয়, মহানগৰীৰ শৃঙ্খলা ভংগকাৰী আৰু যুৱ সমাজক বিপথলৈ ঠেলি দিয়া ধৰণৰ কার্যকলাপৰ বিৰুদ্ধে ইয়াৰ পিছতো দ্ৰুত পদক্ষেপ অব্যাহত থাকিব।

 

এই ঘটনাই পুনৰ প্ৰশ্ন উত্থাপন কৰিছে— গুৱাহাটীৰ নিশা জীৱনৰ আঁৰত এতিয়া বাস্তৱতে কি চলি আছে?

 

Exit mobile version