BTR NEWS

নিলম্বিত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগত গোচৰ

Telegram

নিলম্বিত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগত গোচৰ

 

নিলম্বিত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে মানৱ অধিকাৰ লঙ্ঘনৰ অভিযোগত ৰাজ্যিক মানৱ অধিকাৰ আয়োগত গোচৰ ৰুজু কৰা হৈছে। আয়োগে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ জাৰি কৰিছে। এই ঘটনাৰ সঠিক তথ্য উদ্ঘাটন কৰিবলৈ আয়োগৰ দ্বাৰা তদন্ত কৰা হ’ব।

 

ঘটনা সন্দৰ্ভত ৰাজ্যিক মানৱ অধিকাৰ আয়োগে আৰক্ষী আয়ুক্ত আৰু পাণবজাৰ উপ-আৰক্ষী আয়ুক্তলৈ জাননী প্ৰেৰণ কৰিছে। তদন্তৰ অন্তত আয়োগে এই বিষয়ত এক বিস্তৃত প্ৰতিবেদন দাখিল কৰিব।

 

আয়োগৰ তৰফৰ পৰা জনোৱা হৈছে যে অভিযোগ যদি সত্য প্রমাণিত হয়, তেন্তে আৰক্ষী বিষয়া ভাগৱ বৰবৰাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। লগতে মানৱ অধিকাৰ লঙ্ঘনৰ এনে ঘটনা প্ৰতিহত কৰিবলৈ চৰকাৰে যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান জনাইছে।

 

এই ঘটনা পুলিচ বিভাগৰ প্রতি থকা বিশ্বাসৰ ওপৰত প্ৰশ্ন তুলি দিছে। তদন্তৰ ফলাফলই সমগ্ৰ পৰিস্থিতি অধিক স্পষ্ট কৰি তুলিব আৰু এনে ঘটনাৰ পূনৰাবৃত্তি ৰোধ কৰিবলৈ নতুন দিশ দেখুৱাব।

 

Exit mobile version