নাগ্ৰীজুলি সাপ্তাহিক বজাৰত দোকানে দোকানে প্ৰচাৰত নামিল বিপিএফৰ প্ৰাৰ্থী ডাঃ উত্তম দাস।

Telegram

নাগ্ৰীজুলি সাপ্তাহিক বজাৰত দোকানে দোকানে প্ৰচাৰত নামিল বিপিএফৰ প্ৰাৰ্থী ডাঃ উত্তম দাস।

 

স্বাস্থ্য, শিক্ষা, যাতায়ত, নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিম- ডাঃ উট্যম দাস।

 

৯ ছেপ্টেম্বৰ-

 

বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমগ্ৰ বিটিচিৰ লগতে ২৭ নং নাগ্ৰীজুলি বিটিচি পৰিষদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা দেখা গৈছে। নিজ নিজ ৰণ কৌশল প্ৰস্তুত কৰি সকলো ৰাজনৈতিক দলৰ প্ৰাৰ্থী, নিৰ্দলীয় প্ৰাৰ্থী সকলে প্ৰচাৰ অভিযানত নামি পৰিছে। আজি ২৭নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী ডাঃ উত্তম দাসে বিপিএফৰ প্ৰচাৰ সম্পাদক অপূর্ব মজুমদাৰ সহ বহু সংখ্যক নিজৰ সমৰ্থক আৰু দলীয় নেতা কৰ্মীক লগত লৈ নাগ্ৰীজুলি সাপ্তাহিক বজাৰত প্ৰৱেশ কৰি প্ৰচাৰ অভিযান চলোৱা দেখা যায়। প্ৰাৰ্থী গৰাকীয়ে সাপ্তাহিক বজাৰত প্ৰৱেশ কৰি সৰু বৰ দোকান আৰু ব্যৱসায়িক প্ৰতিষ্ঠান সমূহত প্ৰৱেশ কৰি বিভিন্ন লোকৰ খা খবৰ লোৱাৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোক সকলৰো খা খবৰ লৈ প্ৰাৰ্থী গৰাকীয়ে বাৰ্তালাপ কৰে। বাৰ্তালাপৰ সময়ত ডাঃ উত্তম দাসে নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ বিভিন্ন অঞ্চলৰ ৰাইজৰ ৰাস্তা ঘাট, স্বাস্থ্য খণ্ড নিবনুৱা সমস্যা আৰু শিক্ষা ক্ষেত্ৰৰ সমস্যাৰ বুজ লয়। প্ৰচাৰ অভিযানৰ কালত এইবাৰ বিপিএফৰ উত্থান হোৱা বুলি ৰাইজক অৱগত কৰে আৰু এইবাৰ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিচিত বিপিএফৰ চৰকাৰ গঠন হব বুলিও ডাঃ উত্তম দাসে ৰাইজক কয়। নাগ্ৰীজুলি বজাৰত শতাধিক দোকানত প্ৰচাৰ চলোৱাৰ অন্তত সংবাদ মাধ্যমৰ আগত বিপিএফৰ প্ৰাৰ্থী ডাঃ উত্তম দাসে কয়- হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ এইবাৰ উত্থান হৈছে। বিপিএফ দলে এইবাৰ বিটিচি দখল কৰাটো নিশ্চিত। বিগত সময়চোৱাত সৰ্বসাধাৰণ ৰাইজ প্ৰতাৰিত হৈছে। এইবাৰ নাগ্ৰীজুলিত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মই ৰাইজৰ মৰম পাইছোঁ আৰু ৰাইজ স্বতঃস্ফূৰ্ত ভাবে মোৰ লগত ওলাই আহিছে। এইবাৰ মই নাগ্ৰীজুলিত বিপুল ভোটত জয়ী হম। মই জয়ী হলে নাগ্ৰীজুলি অঞ্চলৰ ৰাস্তা ঘাটৰ সমস্যা, স্বাস্থ্য সেৱা, শিক্ষা খণ্ড আৰু নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দি অঞ্চলটোৰ সৰ্বাংগীন উন্নয়নৰ হকে কাম কৰি যাম বুলি ৰাইজৰ ওচৰত প্ৰশ্ৰুতিবদ্ধ বুলিও ডাঃ উত্তম দাসদ মন্তব্য কৰে।।

  • Related Posts

    মৰিয়নিৰ ৰাজনীতি তীব্ৰমৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অখিল গগৈক লক্ষ্য কৰি তীব্ৰ কটাক্ষ কৰিছে। বিধায়কে স্পষ্টকৈ কয়—

    Telegram

    TelegramTweetমৰিয়নিৰ ৰাজনীতি তীব্ৰমৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অখিল গগৈক লক্ষ্য কৰি তীব্ৰ কটাক্ষ কৰিছে। বিধায়কে স্পষ্টকৈ কয়— 🔹”মই জীয়াই থকালৈ মৰিয়নিৰ MLA মই।”   তেওঁ আরও কয়— 🔹”মই নিজে খেতি কৰিছো,…

    UPPL প্ৰতি তীব্ৰ কটাক্ষ হাগ্ৰামা মহিলাৰীৰ “প্ৰমোদ বড়োৰ কোনো কাম নাই, চৰকাৰ বনাব নোৱাৰে” — হাগ্ৰামা মহিলাৰী

    Telegram

    TelegramTweetUPPL প্ৰতি তীব্ৰ কটাক্ষ হাগ্ৰামা মহিলাৰীৰ “প্ৰমোদ বড়োৰ কোনো কাম নাই, চৰকাৰ বনাব নোৱাৰে” — হাগ্ৰামা মহিলাৰী   BPF ৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে UPPL আৰু তাৰ প্ৰধান প্ৰমোদ বড়োক তীব্ৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *