নাগ্ৰীজুলিৰ যুৱ সমাজকৰ্মী ভজন দাসৰ প্ৰশংসনীয় পদক্ষেপ।
নিজৰ জেপৰ ধন ব্যয় কৰি মেৰামতি কৰিলে এটি বিধ্বস্ত পথ।
নাগ্ৰীজুলি, ১ ডিচেম্বৰ-
তামুলপুৰ জিলাৰ নাগ্ৰীজুলিৰ এটি বিধ্বস্ত গুৰুত্বপূৰ্ণ পথ মেৰামতি কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে স্থানীয় এগৰাকী যুৱ সমাজকৰ্মী তথা যুৱ ব্যৱসায়ী। যুৱকজন হৈছে নাগ্ৰীজুলি অঞ্চলৰ যুৱ ব্যৱসায়ী তথা বিশিষ্ট সমাজকৰ্মী ভজন দাস ওৰফে লক্ষী দাস। উল্লেখ্য যে নাগ্ৰীজুলি বজাৰ, নাগ্ৰীজুলি আদর্শ হিন্দী প্ৰাথমিক বিদ্যালয় আৰু চেইণ্ট জুডছ ইংলিছ মিডিয়াম স্কুল সংযোগী তথা তামুলপুৰ- নাগ্ৰীজুলি- ওদালগুৰি সংযোগী পথত অৰঙা নৈৰ ওপৰত থকা দলঙৰ পূব দিশৰ ২০২৩ বৰ্ষত নৈৰ বাঢ়নী পানীয়ে প্ৰবল খহনীয়াৰ সৃষ্টি কৰাৰ ফলত পথছোৱাৰ এক বৃহৎ অংশ ভাঙি গৈছিল আৰু মাত্ৰ দুইফুট মান পথ ভাঙি যাবলৈ বাকী আছিল। এই পথছোৱাৰে প্ৰতিদিনে কেইবাখনো বিদ্যালয়ৰ শ1 শ ছাত্ৰ-ছাত্ৰী, নাগ্ৰীজুলি চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ উপৰিও বহু ছাত্ৰ-ছাত্ৰী তথা সৰ্বসাধাৰণ ৰাইজ, নাগ্ৰীজুলি চাহ বাগিচাৰ শ্ৰমিকে যাতায়ত কৰে যদিও পথছোৱা ভাঙি যোৱাত যাতায়তৰ ক্ষেত্ৰত প্ৰায় ডেৰ বছৰতকৈ অধিক সময় সমস্যাৰ সম্মুখীন হৈ আছিল আৰু পথছোৱাত দুৰ্ঘটনাগ্ৰস্ত হৈ ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন লোক দুৰ্ঘটনাত পতিত হৈ আহত হব লগা হৈছিল। ৰাইজে অভিযোগ কৰা মতে পথছোৱা মেৰামতিৰ বাবে স্থানীয় জন প্ৰতিনিধিক ৰাইজে বহুবাৰ অনুনয় বিনয় কৰাৰ পিছতো পথছোৱা মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে জন প্ৰতিনিধি গৰাকীয়ে। স্থানীয় জন প্ৰতিনিধিৰ এনে উদাসীন মনোভাৱৰ বাবে স্থানীয় জন প্ৰতিনিধি গৰাকীৰ বিৰুদ্ধে আজি ক্ষোভ প্ৰকাশ কৰে নাগ্ৰীজুলি অঞ্চলৰ স্থানীয় ৰাইজে। এই গুৰুত্বপূৰ্ণ পথটোৰ দুৰৱস্থাৰ বিষয়ে সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পোৱাৰ পিছত বিশেষকৈ ছাত্ৰ-ছাত্ৰী সকলৰ কথা চিন্তা কৰি নাগ্ৰীজুলি অঞ্চলৰ যুৱ ব্যৱসায়ী তথা বিশিষ্ট সমাজকৰ্মী ভজন দাস ওৰফে লক্ষী দাসে আগবাঢ়ি আহে আৰু নিজৰ জেপৰ ধন খৰছ কৰি কেইবা ডাম্পাৰ শিল বালি পেলাই দি জেচিবি লগাই দি ৰাইজৰ উপস্থিতিত আজি পথছোৱা মেৰামতি কৰি দি ছাত্র-ছাত্ৰী, সৰ্বসাধাৰণ ৰাইজৰ বাবে আৰু আনকি চাৰি চকীয়া বাহন চলাচল কৰাৰ বাবে পথছোৱা সুচল কৰি তোলে। স্থানীয় সচেতন ৰাইজে ভজন দাস ওৰফে লক্ষী দাসে বহু টকা জেপৰ পৰা খৰছ কৰি পথছোৱা মেৰামতি কৰি দি ছাত্ৰ-ছাত্ৰী আৰু সৰ্বসাধাৰণ ৰাইজৰ উপকাৰ সাধন কৰা কাৰ্যত সন্তোষ প্ৰকাশ কৰাৰ লগতে ভজন দাস ওৰফে লক্ষী দাসক ভূয়সী প্ৰশংসা কৰিছে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও ভজন দাসে নাগ্ৰীজুলি অঞ্চলৰ কেইবাটাও বাট পথ নিজৰ জেপৰ ধন খৰছ কৰি মেৰামতি কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।