নাগ্ৰীজুলিৰ মতিগাঁও নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী তেজ বাহাদুৰ ছেত্ৰীৰ পৰলোকপ্ৰাপ্তি।

Telegram

নাগ্ৰীজুলিৰ মতিগাঁও নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী তেজ বাহাদুৰ ছেত্ৰীৰ পৰলোকপ্ৰাপ্তি।

নাগ্ৰীজুলি, ৩ জুন-

তামুলপুৰ জিলাৰ বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলৰ মতিগাঁও নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক, বিশিষ্ট সমাজকৰ্মী তেজ বাহাদুৰ ছেত্ৰীৰ আজি পুৱা নিজ বাসভৱনত পৰালোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ। তেজ বাহাদুৰ ছেত্ৰীয়ে তামুলপুৰ শিক্ষাখণ্ডৰ অধীনৰ অতি পিছপৰা অঞ্চল অঞ্চলৰ শিক্ষানুষ্ঠান গুনীয়ালগুৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা বৃত্তি আৰম্ভ কৰিছিল আৰু ২০০৬ চনত তেওঁ অৱসৰ গ্ৰহণ কৰিছিল। শিক্ষকতা বৃত্তিৰ সৈতে জড়িত থকাৰ উপৰিও বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠান, ধৰ্মীয় অনুষ্ঠান, সামাজিক অনুষ্ঠান- প্ৰতিষ্ঠানৰ লগত জড়িত হৈ সমাজখনক বিভিন্ন দিশত আগুৱাই নিবলৈ সক্ষম হৈছিল। দীৰ্ঘদিন ধৰি তেওঁ শাৰীৰিক অসুস্থতাত ভুগি থকা তেজ বাহাদুৰ ছেত্ৰীৰ আজি স্বাস্থ্যৰ অৱনতি ঘটে আৰু আজি পুৱা নিজ বাসভৱনত ইহলীলা সম্বৰণ কৰে। শিক্ষক গৰাকীৰ মৃত্যুৰ খবৰ লাভ কৰাৰ লগে লগে অসংখ্য গুণমুগ্ধ আৰু আত্মীয় স্বজন গৈ তেওঁৰ বাসগৃহত উপস্থিত হয় আৰু মৃতকক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেখেতৰ মৃত্যুত নাগ্ৰীজুলি অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেখেতে পত্নী, চাৰি গৰাকী কন্যা সন্তান আৰু কেইবাগৰাকী নাতি-নাতিনী ইহসংসাৰত এৰি থৈ যায়।

  • Related Posts

    • Current
    • June 20, 2025
    • 9 views
    • 1 minute Read
    গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সাংবাদিকসকলৰ সন্মিলন অনুষ্ঠান

    Telegram

    TelegramTweet📡 গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সাংবাদিকসকলৰ সন্মিলন অনুষ্ঠান   আজিৰে দিনটো গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ বাবে বিশেষ হিচাপে চিহ্নিত হৈ ৰ’ল। বাতৰি বিভাগৰ নতুন নিযুক্ত সংবাদদাতাসকলৰ বাবে আয়োজন কৰা হৈছিল…

    • Current
    • June 20, 2025
    • 6 views
    • 1 minute Read
    তামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক।

    Telegram

    TelegramTweetতামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক। পত্নীক হত্যা কৰি ৰক্তপান কৰিলে নৰাধম স্বামী বিকাশ বিশ্বাসে।   তামুলপুৰ ২০ জুন :   তামুলপুৰ জিলাৰ আঙাৰকাটাৰ শান্তিপুৰত আজি এক লোমহৰ্ষক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *