নাগ্ৰীজুলিৰ বিশিষ্ট সমাজকৰ্মী, খাটৰবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক অৰবিন্দ বৰ্মনৰ পৰালোকপ্ৰাপ্তি।
নাগ্ৰীজুলি, ১৮ মে’-
তামুলপুৰ জিলাৰ নাগ্ৰীজুলিস্থিত খাটৰবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক (বৰ্তমানৰ খাটৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়), বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী , নাগ্ৰীজুলি শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰৰ একান্ত ভকত, সমাজ সংস্কাৰক অৰবিন্দ বৰ্মনৰ আজি পুৱা ৬-৫৫ বজাত নিজ বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ অঞ্চলৰ সঠামৌ গাঁওত জন্মলাভ কৰা অৰবিন্দ বৰ্মনে ১৯৫৮ চনত নাগ্ৰীজুলিলৈ আহি ৰাইজৰ সহায়ত খাটৰবাৰী মধ্য ইংৰাজী বিদ্যালয় স্থাপন কৰি প্ৰধান শিক্ষক হিচাপে নিযুক্ত হয় আৰু নাগ্ৰীজুলিৰ ভাওৰাগুৰী গাঁওত স্থায়ী ভাবে বসবাস কৰিবলৈ লয়। পৰৱৰ্তী সময়ত খাটৰবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ সৈতে একেটা চৌহদত থকা খাটৰবাৰী হাইস্কুলখনে চৰকাৰী ঘটি মঞ্জুৰীপ্ৰাপ্ত বিদঞ্চলয় হিছাপে স্বীকৃতি লাভ কৰাৰ পিছত বিদ্যালয় দুখন চামিলকৰণ হোৱাত তেওঁ সহকাৰী শিক্ষক হিচাপে কৰ্মৰত হয়। অতি নিষ্ঠা আৰু কৰ্তব্যপৰায়ন হিছাপে শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিত কাম কৰি অৰবিন্দ বৰ্মন ২০০০ চনত খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে। শিক্ষকতা বৃত্তিত জড়িত থকাৰ উপৰিও ভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ নাগ্ৰীজুলি অঞ্চলৰ সমাজখনক একত্ৰিত কৰি বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠান, ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিবলৈ সক্ষম হৈছিল। নাগ্ৰীজুলি শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰৰ প্ৰতিষ্ঠা কালৰে পৰা জড়িত সত্ৰখনৰ আজীৱন ভকত অৰবিন্দ বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলৰ বাবে আছিল এগৰাকী জনপ্ৰিয় আদৰ্শ শিক্ষক। অৱসৰৰ পিছত বৰ্মনে পুত্ৰৰ ব্যৱসায় সূত্ৰে গুৱাহাটীৰ বৰাগাঁওত বসবাস কৰিবলৈ লৈছিল আৰু আজি পুৱা ৬-৫৫ বজাত বৰ্ধক্যজনিত কাৰণত বৰগাঁওৰ নিজ বাসভৱনত ইহালীলা সম্বৰণ কৰে। সদাহাস্যময়ী, পৰপোকাৰী অৰবিন্দ বৰ্মনৰ মৃত্যুৰ বাতৰি পাই তেওঁৰ আত্মীয় কুটুম, ওচৰ চুবুৰীয়া, নাগ্ৰীজুলি অঞ্চলৰ ৰাইজ, বহু প্ৰাক্তন ছাত্ৰ ছাত্ৰী আহি তেওঁৰ বাসভৱনত উপস্থিত হয় আৰু মৃতকলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পিছত এক শোকাকুল পৰিবেশত গুৱাহাটৰ ভূতনাথত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। তেখেতৰ মৃত্যুত বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলত গভীৰ শোকৰ ছাঁ পৰাৰ উপৰিও বৰগাঁও অঞ্চলটোতো শোকৰ ছাঁ পৰিছে। নাগ্ৰীজুলি শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ সমিতি, খাটৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষক আৰু কৰ্মচাৰী গোট, অম্বিকাগিৰী সংঘ গ্ৰাম্য পুথিভঁৰাল সমিতিৰ উপৰিও বিভিন্ন ব্যক্তিযে তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী, তিনি গৰাকী পুত্ৰ, এগৰাকী কন্যা সন্তান, নাতি নাতিনী সহ অসংখ্য আত্মীয় স্বজন আৰু গুণসমুগ্ধ ইহসংসাৰত এৰি থৈ যায়।