নাগ্ৰীজুলিৰ পৰা ছাত্ৰ নিৰুদ্দেশ।
৩০ আগষ্ট-
তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ হৰিণচ’ৰা গাঁওৰ এগৰাকী ১৫ বছৰীয়া ছাত্ৰ যোৱা ২৭ আগষ্টৰ পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰুদ্দিষ্ট হৈ থকা ছাত্ৰজনৰ নাম হৈছে অমল দাস আৰু বিনা দাসৰ পুত্ৰ পংকজ দাস। সম্প্ৰতি পংকজ দাসক বিচাৰি পৰিয়ালৰ লোকে হাহাকাৰ কৰি আছে। উল্লেখ্য যে পংকজ দাসে পেহীয়েকৰ ঘৰত থাকি পঢ়া শুনা কৰি আছিল আৰু ২৭ আগষ্টত মোবাইল ফোন ব্যৱহাৰ কৰাৰ বাবে পেহীয়েকৰ পুত্ৰ তথা পঙ্কজৰ জেষ্ঠ্য ভাতৃ অসীম দাসে গালি গালাজ কৰিছিল পংকজক। তাতেই খং উঠি পংকজ দাসে ঘৰৰ পৰা ওলাই যোৱাৰ।সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। নিৰুদ্দিষ্ট হোৱা ছাত্ৰ গৰাকী ঘৰৰ পৰা গুৱাহাটীলৈ পলাই যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে পৰিয়ালৰ লোকে আমিনগাঁও আৰক্ষী চকীত পঙ্কজৰ নিৰুদ্দেশৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। কোনো লোকে পঙ্কজৰ সম্ভেদ পালে ৯৫৭৭৯৮৭৫১৬ নম্বৰত খবৰ দিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।