নাগ্ৰীজুলিৰ ডোঙাৰগাঁওত পথ দুৰ্ঘটনা। দুজন গুৰুতৰ ভাবে আহত।
নাগ্ৰীজুলি, ৪ মাৰ্চ-
তামুলপুৰ জিলাৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত ডোঙাৰগাঁওত কালি নিশা সংঘটিত এক পথ দুৰ্ঘটনাত দুজন লোক গুৰুতৰ ভাবে আহত হয়। আহত লোক দুজন ক্ৰমে তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সুৰপাৰা গাঁওৰ ভক্ত বাহাদুৰ ছেত্ৰীৰ পুত্ৰ
খগেন বাহাদুৰ ছেত্ৰী (৫০) আৰু দক্ষিণ ডোঙাৰগাঁওৰ পূৰ্ণ বৰ্মনৰ পুত্ৰ ধনঞ্জয় বৰ্মন (২০)। নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুছেন দাসে জানিবলৈ দিয়া মতে কালি নিশা প্ৰায় ৮-৩০ বজাত বজাৰ সমাৰ কৰি খগেন বাহাদুৰ ছেত্ৰীয়ে নিজৰ চাইকেল লৈ ডোঙাৰগাঁও চকৰ পৰা সুৰপাৰাৰ নিজ গৃহ অভিমুখে গৈ থাকোঁতে বিপৰীত দিশৰ পৰা ধনঞ্জয় বৰ্মনে চলাই অহা এ এছ -১৪ – ২৬৭৪ নম্বৰৰ মটৰ চাইকেলখনৰ লগত চাইকেলখনৰ মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাটোৰ ফলত চাইকেল আৰোহি খগেন আৰু মটৰ চাইকেল আৰোহি ধনঞ্জয় পথৰ ওপৰত উফৰি পৰে আৰু দুয়ো গৰাকী গুৰুতৰ ভাবে আহত হয়। খবৰ পাই নাগ্ৰীজুলি আৰক্ষী।চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুছেন দাসৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দল ঘটানস্থলীত উপস্থিত হয় আৰু দুয়োগৰকী আহতক স্থানীয় লোক আৰু পৰিয়ালৰ লোকৰ সহযোগত নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় । আহত দুয়োজনকে নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত প্ৰাথমিক।চিকিৎসা প্ৰদান কৰাৰ পিছত ধনঞ্জয় বৰ্মনক উন্নত চিকিৎসাৰ বাবে নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰাৰ বিপৰীতে খগেন বাহাদুৰ ছেত্ৰীকো উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰা হয়। নাগ্ৰীজুলি আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেলখন জব্দ কৰি নাগ্ৰীজুলি আৰক্ষী।চকীলৈ লৈ।আনে। ঘটনা সন্দৰ্ভত নাগ্ৰীজুলি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।