নাগ্ৰীজুলিত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ সভা।
তিনি শতাধিক লোকৰ বিজেপিত যোগদান।
বিটিচিত বিজেপিয়ে চৰকাৰ গঠন কৰিলে আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ থাকিব নালাগে।
১২ ছেপ্টেম্বৰ-
বিটিচিৰ নিৰ্বাচনৰ।দিন চমু চাপি অহাৰ লগে লগে ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত বলিছে নিৰ্বাচনি গৰম বতাহ। বিগত সময়ত বিজেপিৰ দখলত থকা ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিটোত এইবাৰ বিজেপিৰ প্ৰাৰ্থীত্ব লাভ কৰিছে যুৱ সমাজকৰ্মী ভজন দাস ওৰফে লক্ষী দাসে। অন্যান্য ৰাজনৈতিক দলৰ সমান্তৰাল ভাৱে বিজেপিয়ে নাগ্ৰীজুলিত ভজন দাসৰ সমৰ্থনত তীব্ৰ ভাবে চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ। আজি দিনৰ ১-০০ বজাত নাগ্ৰীজুলিৰ লাউপাৰা চিডু কানু প্ৰাথমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয় বিজেপিৰ প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ সভা ও যোগদান সভা। বিজেপিৰ যুৱ নেতা দীপাংকৰ ভট্টাচাৰ্যৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত উপস্থিত থাকি তামুলপুৰ জিলা বিজেপিৰ উপ সভাপতি ৰাম বাস্তলাই বিজেপি চৰকাৰৰ বিভিন্ন আঁচনি সমূহৰ বিষয়ে আৰু বিজেপিৰ শাসনকালত হোৱা উন্নয়নৰ বিষয়ে বিতংকৈ বাখ্যা কৰে। সভাত উপস্থিত থাকি বিজেপিৰ অসম প্ৰদেশ সমিতিৰ উপ সভাপতি তথা ৰাজ্য সভাৰ সাংসদ কৰ্ণাদ পুৰকায়স্থই কয় বৰ্তমান সময়ত কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ চলি আছে। বিটিচি এলেকাৰ উন্নয়নৰ বা বিভিন্ন আঁচনিৰ যি ধন কেন্দ্ৰৰ পৰা আহে সেই আঁচনিৰ ধন বেলেগ চৰকাৰৰ হাতেৰে লব লগা হয়। এইবাৰ বিজেপিয়ে বিটিচিত নিজা ববীয়াকৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতাত নামিছে আৰু এইবাৰ নিৰ্বাচনত বিজেপিয়ে একক সংখ্যা গৰিষ্ঠতা লাভ কৰি বিটিচি দখল কৰাটো নিশ্চিত। আদিবাসী অধ্যুষিত অঞ্চলটোৰ ভোটাৰ ৰাইজক উদ্দেশ্যি পুৰকায়স্থই পুনৰ কয়- বিজেপি চৰকাৰ খনে অন্য জাতি জনগোষ্ঠীৰ লগতে আদিবাসী সকলৰ বিভিন্ন সমস্যা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে সমাধান কৰি আহিছে। আদিবাসী সকলক সন্মান জনাই বিজেপি নেতৃত্বাধীন ভাৰত চৰকাৰে ৰাষ্ট্ৰপতিৰ দৰে দেশৰ সৰ্বোচ্চ আসনত আদিবাসী মহিলা দ্ৰৌপদী মুৰ্মুক অধিষ্ঠিত কৰিছে। গতিকে এইবাৰ বিটিচি নিৰ্বাচনত নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ভজন দাসক আপোনালোকে ভোট দি অঞ্চলটোৰ উন্নয়নৰ বাট মুকলি কৰিব বুলি মই আশা কৰিলোঁ। সভাত ভাষণ ৰাখি নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ভজন দাসে কয়- বিটিচি এলেকাত বসবাস কৰা মানুহে বৰ্তমান শান্তিত আছে। উগ্ৰপন্থী সমস্যা সমাধান হৈছে। বিজেপি নেতৃত্বাধীন চৰকাৰ খনে সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ হকে কাম কৰি আহিছে। কিন্তু এতিয়াও বহু মানুহে মাটি বাৰীৰ সমস্যাত ভুগি আছে। বহু মানুহে আজিও মাটিৰ পাট্টা লাভ কৰা নাই। বৰ্তমান আমি বিটিচিত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে বসবাস কৰি থাকিব লগা হৈছে। এইবাৰ বিটিচিত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হলে মাটি বাৰীৰ সমস্যা সমাধান হোৱাটো নিশ্চিত আৰু আমি কোনেও দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ থাকিব নালাগে। মই আজি আপোনালোকৰ মাজত ভোট ভিক্ষা কৰিবলৈ আহিছোঁ আৰু ৰাইজৰ আশীৰ্বাদ লবলৈ আহিছোঁ। অহা ২২ চেপ্টেম্বৰত আপোনালোকে পদুম ফুলৰ ছবিত ভোট দি মোক আশীৰ্বাদ দিব আৰু মই নিৰ্বাচিত হলে এই অঞ্চলৰ উন্নয়ন ত্বৰান্বিত কৰিম লগতে সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন কৰি অঞ্চলটোক আগুৱাই লৈ যাম। সভাৰ অন্তত ৰাজ্য সভাৰ সাংসদ কৰ্ণাদ পুৰকায়স্থই সংবাদ মাধ্যমৰ আগত কয়- এইবাৰ বিটিচিত বিজেপিয়ে একক সংখ্যা গৰিষ্ঠতা লাভ কৰিব। বিজেপি প্ৰাৰ্থী বিলাকৰ সমৰ্থনত ৰাইজ জাকে জাকে ওলাই আহিছে। যিহেতু কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ আছে, গতিকে বিটিচিতো বিজেপি চৰকাৰ হলে উন্নয়নৰ ধাৰা আৰু অধিক ত্বৰান্বিত হব। নাগ্ৰীজুলি সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভজন দাসে সংবাদ মাধ্যমৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত কয়- নাগ্ৰীজুলি সমষ্টিত এতিয়া বিজেপিৰ ধুমুহা বলিছে। আজি লাউপাৰাত অনুষ্ঠিত সভাত দুই সহস্ৰাধিক আদিবাসী ভোটাৰ ৰাইজৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক মোৰ সমৰ্থনত ওলাই আহিছে। সকলো ফালে বিজেপি বিজেপি মাথো বিজেপি বুলি উচ্চাৰিত হৈ আছে। এইবাৰ মোক ৰাইজে আশীৰ্বাদ কৰিব আৰু মই দহ হাজাৰতকৈ অধিক ভোটৰ ব্যনাধনত জয়লাভ কৰাটো নিশ্চিত। উল্লেখ্য যে আজিৰ সভাত বিভিন্ন ৰাজনৈতিক দলৰ পৰা অহা তিনি শতাধিক লোকে গেৰুৱা বসন পিন্ধি বিজেপি কৰ্ম কৰ্তাক উৎসাহিত কৰে। নাগ্ৰীজুলিৰ লাউপাৰাৰ পিছত ভূটান সীমান্তৰ ডোঙাৰগাঁওত আবেলি ৩-০৯ বজাত বিজেপিৰ প্ৰাৰ্থী ভজন দাসৰ সমৰ্থনত আন এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হৈ যায়। বিজেপিৰ সক্ৰিয় নেতা ৰবি ৰয় আৰু নেতাজী ক্লাৱৰ সভাপতি ইন্দ্ৰজিত বিশ্বাসে আয়োজন কৰা এই বিশাল এই বিশাল সভাতো কেইবাগৰাকীও নেতাই ভাষণ ৰাখি ভজন দাসক পদুম ফুলৰ ছবিত ভোট দিয়াৰ বাবে ৰাইজক আহ্বান জনায়।