নাগ্ৰীজুলিত দুৰ্বৃত্বই কাটি তহিলং কৰিলে দুখীয়া কৃষকৰ খেতি। চকুপানীৰে বাট নেদেখা হৈছে ভুক্তভোগী কৃষক কৃষ্ণ দেৱনাথে।

  • Crime
  • June 14, 2025
  • 0 Comments
Telegram

নাগ্ৰীজুলিত দুৰ্বৃত্বই কাটি তহিলং কৰিলে দুখীয়া কৃষকৰ খেতি। চকুপানীৰে বাট নেদেখা হৈছে ভুক্তভোগী কৃষক কৃষ্ণ দেৱনাথে।

 

নাগ্ৰীজুলি, ১৪ জুন-

 

তামুলপুৰ জিলাৰ অন্তৰ্গত নাগ্ৰীজুলিৰ কুম্ভীঝাৰ গাঁওত দুৰ্বৃত্বই এজন দুখীয়া কৃষকৰ পাচলিৰ খেতি কাটি তহিলং কৰাক লৈ সমগ্ৰ নাগ্ৰীজুলি অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে নাগ্ৰীজুলিৰ কোম্পানীবাৰী চ’কৰ কৃষ্ণ দেৱনাথ নামৰ এজন যুৱ কৃষকে কুম্ভীঝাৰ গাঁওৰ অন্য এজন কৃষকৰ পৰা প্ৰায় দুই বিঘা মাটি ভারাত লৈ ভেন্দি, পানীলাও, কোমোৰা, লেচেৰা আদিকে ধৰি বিভিন্ন খেতিবাটি কৰি পৰিয়ালটোৰ পোহপাল দি আছিল। কৃষ্ণ দেৱনাথে সংবাদ মাধ্যমত প্ৰকাশ কৰা মতে, কিছুদিনৰ পৰা তেওঁৰ খেতিৰ পৰা উৎপাদিত লাওঁ, কোমোৰা, ভেন্দি আদি বিভিন্ন পাচলি চুৰি হৈ থাকে । কপালৰ ঘাম মাটিত পেলাই কৰা খেতিৰ পৰা এনেদৰে পাচলি চুৰি হোৱাত কৃষ্ণই মাজে মাজে নিশা পহৰা দিয়ে। এনেদৰে পহৰা দি ২০ দিনমান পূৰ্বে এদিন পুৱা কুম্ভীঝাৰৰ খেতি পথাৰৰ ওচৰৰে এটি পৰিয়ালৰ মনোৰঞ্জন বিশ্বাস নামৰ লোক এজনক চুৰি কৰি থকা অৱস্থাত ৰাইজৰ সহযোগত হাতে লোতে ধৰা পেলায়। পিছত ৰাইজৰ মাজত বিচাৰ কৰি ভৱিষ্যতে তেনে কাম নকৰিবলৈ ৰাইজে মনোৰঞ্জক সকীয়াই দিয়ে। ইপিনে মনোৰঞ্জনৰ পুত্ৰ দেৱজিত বিশ্বাসে নিজৰ পিতৃক চোৰ ধৰা বাবে খঙত অগ্নিশৰ্মা হৈ সিদিনাৰ পৰা মাজে মাজে কৃষক কৃষ্ণক গালি গালাজ পাৰে আৰু খেতি কাটি পেলাম বুলি ভাবুকি দি আহে। কালি অৰ্থাৎ শুকুৰবাৰে পুৱাই কৃষ্ণই নিজৰ খেতিলৈ কাম কৰিবলৈ আহি তেওঁৰ প্ৰায় ডেৰ বিঘা মাটিৰ কোমোৰা খেতিৰ ফল লাগি থকা সকলো কোমোৰা আৰু পানীলাও গছ দুৰ্বৃত্বই কাটি তহিলং কৰা প্ৰত্যক্ষ কৰে আৰু কপালে মূৰে হাত দি চকুপানীৰে বাট নেদেখা হয়। লগে লগে কৃষ্ণই গাঁওবুঢ়া সহ কেইবাগৰাকীও নেতৃস্থানীয় ব্যক্তিক মাতি আনি দুৰ্বৃত্বই চলোৱা ধ্বংসলীলা দেখুৱায়। নেতৃস্থানীয় লোক সকলে দুৰ্বৃত্বৰ এনে কাণ্ডক একেমুখে ধিক্কাৰ দিয়ে আৰু আইনৰ সহায় লোৱাৰ বাবে কৃষক কৃষ্ণক পৰামৰ্শ দিয়ে। লগে লগে কৃষক গৰাকীয়ে স্থানীয় ব্যক্তি তথা সাক্ষী কেইজনমানক লগত লৈ নাগ্ৰীজুলি আৰক্ষী চকীলৈ গৈ খেতি কাটি পেলাম বুলি ধমকি দিয়া মনোৰঞ্জন বিশ্বাসৰ পুত্ৰ দেৱজিত বিশ্বাসৰ ওপৰত এজাহাৰ দাখিল কৰিছে। দুখীয়া কৃষক কৃষ্ণৰ খেতি পথাৰ কাটি পেলোৱা কাৰ্যত জড়িত থকা ব্যক্তিক ধৰি উচিত।শাস্তি প্ৰদান কৰাৰ বাবে কৃষক গৰাকীৰ লগতে স্থানীয় ব্যক্তি সকলেও আৰক্ষীক দাবী জনাইছে।

  • Related Posts

    • Crime
    • August 10, 2025
    • 6 views
    • 1 minute Read
    EGPD Recovers Stolen Mobile Phone, Nabs Repeat Offender

    Telegram

    TelegramTweetEGPD Recovers Stolen Mobile Phone, Nabs Repeat Offender Guwahati, August 10: An East Guwahati Police District (EGPD) team from Bhagaduttapur Out Post has successfully recovered a stolen Oppo A57 mobile…

    • Crime
    • August 9, 2025
    • 8 views
    • 1 minute Read
    EGPD Rescues Missing Minor Girl Within Hours

    Telegram

    TelegramTweetEGPD Rescues Missing Minor Girl Within Hours   In a swift and coordinated operation, a team from Basistha Police Station under East Guwahati Police District (EGPD) successfully rescued a missing…

    Leave a Reply

    Your email address will not be published. Required fields are marked *