
নাগ্ৰীজুলিত আদিবাসী।ছাত্র সন্থাৰ প্ৰয়াত নেতা প্ৰদীপ নাগলৈ শ্ৰদ্ধাঞ্জলি।
তামুলপুৰ ৯ এপ্ৰিল-
সদৌ।অধিবাসী অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগৰ অকাল বিয়োগত শোকস্তব্ধ হৈ পৰিছে নাগ্ৰীজুলিবাসী। আজি পুৱা প্ৰায় ১০-০০ বজাত ছাত্ৰ নেতা গৰাকীৰ নশ্বৰ দেহ নাগ্ৰীজুলি চাহ বাগিছালৈ লৈ অনাৰ পিছত অসংখ্য গুণমুগ্ধ নাগ্ৰীজুলি চাহ বাগিচাত উপস্থিত হৈ কান্দোনত ভাঙি পৰে। তামুলপুৰ জিলা আদিবাসী ছাত্ৰ।সন্থাৰ উদ্যোগত আৰু জিলাৰ অন্তর্গগ তিনিটা আঞ্চলিক সমিতি, নাগ্ৰীজুলি শাখা সমিতিৰ সহযোগত নাগ্ৰীজুলি।চাহ বাগিচাত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তামুলপুৰ জিলা আদিবাসী ছাত্র সন্থাৰ তামুলপুৰ জিলা সমিতিৰ সভাপতি ৰাজু ভেংৰা, সম্পাদক লক্ষীসিং গৌৰ, সদৌ।অসম।চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য অজয় কৰমালি, নাগ্ৰীজুলি চাহ বাগিচা চাহ মজদূৰ সংঘৰ সম্পাদক আনন্দ মুণ্ডা, প্ৰাক্তন চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতা লক্ষ্মীধৰ তাঁতী, উদয় নায়কৰ উপৰিও আদিবাসী ছাত্ৰ সন্থাৰ আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতা কৰ্মী, বিভিন্ন ছাত্ৰ সংগঠনৰ নেতা কৰ্মী উপস্থিত থাকি প্ৰয়াত ছাত্ৰ নেতা গৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নাগ্ৰীজুলিৰ পৰা প্ৰয়াত নেতা গৰাকীৰ নশ্বৰ দেহ নাগ্ৰীজুলিৰ পৰা আটাৰীক্ষাট আৰু পিছত উদালগুৰিলৈ লৈ যোৱা হয় আৰু বিভিন্ন স্থানত প্ৰয়াত নেতা গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।