নাগ্ৰীজুলিত আছুৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন। 

  • Current
  • September 8, 2025
  • 0 Comments
Telegram

নাগ্ৰীজুলিত আছুৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন। 

৮ ছেপ্টেম্বৰ-

 

সমগ্ৰ ৰাজ্যৰ লগতে তামুলপুৰ জিলাৰ অন্তৰ্গত নাগ্ৰীজুলি বজাৰ চৌহদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নাগ্ৰীজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আজি সন্ধিয়া ৬-৩০ বজাত ভাৰত ৰত্ন সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হয়। নাগ্ৰীজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি হীৰকজ্যোতি মেধিৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত অঞ্চলটোৰ বয়োজেষ্ঠ্য ব্যক্তি, শিক্ষক-বুদ্ধিজীৱী, বিভিন্ন জাতীয় ছাত্ৰ সংগঠনৰ ছাত্ৰ নেতা সকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সম্বৰ্ধনা অনুষ্ঠানৰ পিছতেই আজিৰ এই পৱিত্ৰ দিনটোত ডঃ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত এশ গছি বন্তি প্ৰজ্বলন কৰা হয়। বন্তি প্ৰজ্বলনৰ শুভাৰম্ভ কৰে তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অনুপ কলিতাই। ইয়াৰ পিছতেই এশ গৰাকী স্থানীয় শিল্পীয়ে ” মানুহে মানুহৰ বাবে ” শীৰ্ষক গীতটো পৰিবেশন কৰে। গীতৰ পিছতেই সুধাকণ্ঠৰ জীৱনৰ ওপৰত আলোকপাত কৰে অৱসৰপ্ৰাপ্ত শিক্ষক অজিত বৈশ্যৰ লগতে কেবাগৰাকীও লোকে ভাষণ ৰাখে। ইয়াৰ পিছতে ছাত্র ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ কৰা হয়। আজিৰ অনুষ্ঠানত স্থানীয় কেইবাগৰাকীও শিল্পীয়ে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ গীত পৰিবেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।

আজিৰ অনুষ্ঠানত তামুলপুৰ জিলা ছাত্ৰ সন্থা, নাগ্ৰীজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয় ববীয়া সকল উপস্থিত থাকে।

  • Related Posts

    • Current
    • September 8, 2025
    • 15 views
    • 1 minute Read
    তামুলপুৰৰ বিপিএফ নেতাৰ বিৰুদ্ধে অপপ্ৰচাৰ  বিপিএফৰ উত্থানত শংকিত হৈ অপপ্ৰচাৰ অভিযোগ –

    Telegram

    TelegramTweetতামুলপুৰৰ বিপিএফ নেতাৰ বিৰুদ্ধে অপপ্ৰচাৰ  বিপিএফৰ উত্থানত শংকিত হৈ অপপ্ৰচাৰ অভিযোগ –   তামুলপুৰ,৮ ছেপ্তেম্বৰ- সমাগত বিটিচি নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দল সমূহৰ নিৰ্বাচনী তৎপৰতা…

    • Current
    • September 8, 2025
    • 11 views
    • 1 minute Read
    ২৬ নং দৰংগাজুলি পৰিষদীয় সমষ্টিত বিজেপি প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ : গাঁৱে – গাঁৱে ঘৰে ঘৰে বিজিৎ গৗড়া নাৰ্জাৰীৰ মাৰাথান প্ৰচাৰ ৷ 

    Telegram

    TelegramTweet২৬ নং দৰংগাজুলি পৰিষদীয় সমষ্টিত বিজেপি প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ : গাঁৱে – গাঁৱে ঘৰে ঘৰে বিজিৎ গৗড়া নাৰ্জাৰীৰ মাৰাথান প্ৰচাৰ ৷  ============================== কুমাৰীকাটা,৮ ছেপ্টেম্বৰ :– বিটিচি নিৰ্বাচনৰ দিনচমু চাপি অহাৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *