
নাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ কাউলীত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ
বিটিচিত বিজেপি চৰকাৰ লাগিবই — ডঃ হিমন্ত বিশ্ব শৰ্মা :
তামুলপুৰ , ১৬ ছেপ্টেম্বৰ :
অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হব লগা বিটিচি নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত আজি তামুলপুৰ জিলাৰ অন্তৰ্গত ২৭ নম্বৰ নাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ অধীনৰ কাউলীত দলীয় প্ৰাৰ্থী লক্ষী ( ভজন ) দাসৰ হৈ নির্বাচনী প্ৰচাৰ চলায় অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । প্ৰতিকুল বতৰকো নেওচি সমবেত হাজাৰ হাজাৰ জনতাক সম্বোধি ডঃ শৰ্মাই কয় — এইবাৰ বিটিচি নিৰ্বাচনত আমি বিজেপিয়ে যথেষ্ট পৰিশ্ৰম কৰি আছোঁ যাতে কোকৰাঝাৰত বিজেপি চৰকাৰ বনাব পাৰোঁ । বিটিআৰত বিজেপি চৰকাৰ লাগিবই । বিটিচিত ইউপিপিএল দলৰ চৰকাৰ হল । বিপিএফ দলৰো চৰকাৰ হল । যোৱা বছৰ আমি লগত থাকিলোঁ । দিল্লীত বিজেপি চৰকাৰ আৰু দিছপুৰত বিজেপি চৰকাৰ আছে । গতিকে এইবাৰ বিটিচিতো বিজেপিৰ চৰকাৰ হব লাগিব । তেওঁ আকৌ কয় বিটিচি চৰকাৰৰ হাতত টকা নাথাকে । দিল্লী দিছপুৰে বিটিচি চৰকাৰলৈ টকা পঠিয়ায় । কিন্তু এই টকা কত যায় কোনেও নাজানে । ৰাস্তা আমি বনাব লাগে , কলেজ আমি বনাব লাগে , দলং আমি বনাব লাগে । দিল্লী দিছপুৰৰ দৰে কোকৰাঝাৰতো বিজেপি চৰকাৰ আহিলে গোটেই টকা উন্নয়নৰ বাবে খৰচ কৰিব পাৰিম । অসম চৰকাৰৰ জনমুখী আঁচনিৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় অৰুণোদয় নাপালে মানুহৰ অন্তৰত দুখ লাগিব । নলবাৰী , ৰঙিয়াত অৰুনোদয় যিমান দিওঁ তামুলপুৰে কিয় নাপায় বুলি প্ৰশ্ন কৰি ডঃ শৰ্মাই কয় ভিচিডিচিক পইচা নিদিলে অৰুণোদয়ত নাম নাহে , চৰকাৰী ঘৰ নাপায় । বেলেগত পূজা ফুলেৰে হয় , ভিচিডিচিত পূজা নোটেৰে চলে । সেয়েহে বিজেপি চৰকাৰ হোৱাৰ পিছত ভিচিডিচিক মাটিৰ তলত সুমুৱাই দিম । তেওঁ পুনৰ কয় অৰুনোদয়ৰ নাম মই প্রত্যক্ষভাৱে লম আৰু সুমুৱাই দিম । ভিচিডিচিৰ নিৰ্বাচন হব লাগিব । তেতিয়া গৰিব দুখীয়া মানুহে চৰকাৰী আঁচনি পাব । বিটিআৰৰ চিষ্টেম সলনি কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মন্তব্য কৰে । তেওঁ আকৌ কয় অহা বিধান সভা নিৰ্বাচনৰ পূৰ্বে নাগ্ৰিজুলীত অৰুনোদয় , মহিলা উদ্যমীতাৰ গেৰাণ্টি মই লৈছোঁ । গৰিব দুখীয়া মানুহক লৈ ৰাজনীতি কৰিব নাপায় । বিজপি থকালৈকে ৰাইজ সুৰক্ষিত হৈ থাকিব। নিজৰ উদাত্ত ভাষণত তেওঁ আকৌ কয় বিটিচিত এতিয়া কাৰো বন্দুক দেখুৱাবলৈ হিম্মত নাই । শান্তিত নিৰ্বাচন অনুষ্ঠিত হৈছে বিটিচিত । আগৰ অশান্ত পৰিবেশ এতিয়া আৰু নাই । এয়া সম্ভৱ হৈছে একমাত্ৰ বিজেপিৰ বাবে । ডি ভোটাৰ সম্পৰ্কত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় কোনেও ডি ভোটাৰৰ ৰাজনীতি কৰিব নালাগে । গৰিবক ভয় খুৱাই লাভ নাই । ডি ভোটাৰ মানে দাউৎফুল ভোটাৰ নহয় । আপোনালোকে ডি মানে ডাক্টৰ বুলি ভাবি ললেই হল বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । তেওঁ কয় আপোনালোকে ডি ভোটাৰক লৈ টেনশ্যন লৈ থাকিব নালাগে । আপোনালোকৰ টেনশ্যন মই লম । কেৱক আপোনালোকে লৰা ছোৱালীক ভালদৰে পঢ়ুৱাওক । ডাক্তৰ , ইঞ্জিনীয়াৰ বনাওক । নিবনুৱা যুৱক যুৱতীক চাকৰি দিয়া সম্পৰ্কত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় বিজেপিৰ দিনত চৰকাৰী চাকৰি পাবৰ বাবে এটকাও দিব নালাগে । আগতে চৰকাৰী চাকৰিৰ নামত টকা দিব লগা হৈছিল । অহা অক্টোবৰ মাহত পুনৰ ৪০ হাজাৰ দৰিদ্ৰ মানুহৰ লৰা ছোৱালীক চৰকাৰী চাকৰি দিম । ভাষণত তেওঁ নাগ্ৰিজুলীত ডিগ্ৰী কলেজ নিৰ্মানকে ধৰি কাউলীত আৰক্ষী চকী স্থাপন কৰা আদিকে ধৰি কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰে । ডঃ শৰ্মাই ভাষণত বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ভজন দাসক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায় । আজিৰ এই সভাত নাগ্ৰিজুলী সমষ্টিৰ বিজেপি মনোনীত প্ৰাৰ্থী ভজন দাসেও ভাষণ আগবঢ়ায় । সভাখনত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা , বিজেপিৰ সম্পাদক ৰাতুল শৰ্মা , তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্তৰ কুমাৰ দাস , বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাস আদিকে ধৰি নেতা কৰ্মী আৰু কাৰ্যকৰ্তাসকল উপস্থিত থাকে ।