নাগ্ৰিজুলী ইউথ ফাউণ্ডেশ্বনৰ স্মাৰক পত্ৰ: শিক্ষা, কৃষি, স্বাস্থ্য আৰু হাতী-মানুহ সংঘাতৰ সমস্যাত চৰকাৰৰ দৃষ্টি আকর্ষণ
📍 নাগ্ৰিজুলী, ১৭ জুলাই:
নাগ্ৰিজুলী ইউথ ফাউণ্ডেশ্বনৰ সভাপতি ফুকন বড়ো আৰু সম্পাদক দেৱব্ৰত সৰকাৰৰ নেতৃত্বত বৃহত্তৰ নাগ্ৰিজুলী অঞ্চলৰ ৰাইজৰ হৈ আজি এক গুৰুত্বপূৰ্ণ স্মাৰক পত্ৰ বিটিআৰ চৰকাৰলৈ প্ৰেৰণ কৰা হয়। উক্ত স্মাৰক পত্ৰত অঞ্চলটোৰ বহুদিনীয়া বিভিন্ন গম্ভীৰ সমস্যা — বিশেষকৈ শিক্ষা, স্বাস্থ্য, যাতায়াত, কৃষি উন্নয়ন আৰু হাতী-মানুহ সংঘাতৰ বিষয়ে দৃষ্টি আকৰ্ষণ কৰা হয়।
স্মাৰক পত্ৰখনত উল্লেখ কৰা মতে, স্বাধীনতাৰ পাছৰ পৰাই বৃহত্তৰ নাগ্ৰিজুলী অঞ্চল উন্নয়ন ক্ষেত্ৰত বহুত পিছপৰা অৱস্থাত আছে। অঞ্চলখনৰ প্ৰায় ৬০% জনসংখ্যা কৃষিনিৰ্ভৰ হোৱাৰ পিছতো উন্নত কৃষি সা-সুবিধা আৰু জলসিঞ্চন ব্যৱস্থাৰ অভাৱত কৃষক সকলে আজিও দোং বান্ধি নিজ খৰচত পথাৰত পানী দিবলগীয়া হয়।
ইয়াৰ উপৰিও সীমান্তবর্তী অঞ্চলসমূহতো উন্নয়নৰ এক অন্যতম অভাৱ পৰিলক্ষিত হয়। প্ৰতিবছৰে হাতী-মানুহ সংঘাতত বহু মূল্যবান জীৱন নষ্ট হৈছে, যাৰ স্থায়ী সমাধান এতিয়ালৈকে নোহোৱা বুলি স্মাৰক পত্ৰত উল্লেখ কৰা হৈছে।
স্মাৰক পত্ৰখনত বিটিআৰ চৰকাৰৰ বিগত চাৰিবছৰৰ উন্নয়নমূলক পদক্ষেপৰ ভূয়সী প্ৰশংসা কৰি কোৱা হৈছে যে, অঞ্চলবাসীয়ে আশাবাদী যে বিটিআৰ চৰকাৰৰ জনকল্যাণমুখী নেতৃত্বত এই সমস্যাসমূহৰ সোনকালে স্থায়ী সমাধান উলিয়াব।
উল্লেখযোগ্য দাবিসমূহঃ
উন্নত কৃষি সা-সুবিধা আৰু জলসিঞ্চন ব্যৱস্থাৰ স্থাপন
শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰত স্থায়ী পৰিকাঠামো
হাতী-মানুহ সংঘাত ৰোধৰ বাবে বিশেষ ব্যৱস্থা
সীমান্তৰ উন্নয়নৰ বাবে বিশেষ পৰিকল্পনা
নাগ্ৰিজুলী ইউথ ফাউণ্ডেশ্বনৰ এই পদক্ষেপৰ লগত অঞ্চলটোৰ ৰাইজেও একত্ৰ হোৱাৰ সম্ভাৱনা, আৰু স্মাৰক পত্ৰখনে অঞ্চলটোৰ উন্নয়নৰ বাবে এক নতুন অধ্যায় আৰম্ভ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।