
নাগ্ৰিজুলীত GSP প্ৰাৰ্থী সঞ্জয় মুৰমুৰ জনসংযোগ অব্যাহত
BTC নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত সমগ্ৰ অঞ্চল জুৰি তুংগত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ। বিশেষকৈ ২৭ নং নাগ্ৰিজুলি পৰিষদীয় সমষ্টিত GSP প্ৰাৰ্থী সঞ্জয় মুৰমুৱে দিন-ৰাত অব্যাহত ৰাখিছে জনসংযোগ।
যুৱ প্ৰজন্মৰ কৰ্মসংস্থাপনৰ পথ মুকলি কৰি সমগ্ৰ সমাজক একেলগে আগুৱাই নিয়াৰ সপোনেৰে প্ৰচাৰত নামি পৰিছে প্ৰাৰ্থী গৰাকী। সঞ্জয় মুৰমুৱে জনতালৈ আহি সমষ্টিৰ উন্নয়নমূলক ভৱিষ্যতৰ ৰূপরেখা আগবঢ়াই আহিছে।
আদিবাসী তথা সান্তালী সমাজে বৰ্ষযুগধৰি মুখামুখি হোৱা বঞ্ছনাৰ ক্ষোভ এইবাৰ ভোটত অন্য প্ৰাৰ্থীসকলক উচিত প্ৰত্যুত্তৰ দিব বুলি উল্লেখ কৰিছে মুৰমুৱে।
প্ৰাৰ্থী গৰাকীয়ে নাগ্ৰিজুলি বাসীৰ উদ্দেশ্যে কয় – “এইবাৰ ৰাইজে যদি একতাবদ্ধ হয়, তেন্তে নিৰ্মল, ন্যায়সঙ্গত আৰু উন্নয়নমুখী নেতৃত্ব গঢ়ি তুলিব পাৰিম। আমি সকলে মিলি আদিবাসী-সান্তালী সমাজৰ ন্যায্য অধিকাৰ সুনিশ্চিত কৰিব লাগিব।”
ইতিমধ্যে নাগ্ৰিজুলি সমষ্টিৰ বিস্তীৰ্ণ অঞ্চলত প্ৰাৰ্থী গৰাকীয়ে বিপুল সঁহাৰি লাভ কৰিছে বুলি স্থানীয় ৰাইজৰ মন্তব্য।
👉 এইবাৰ ভোটত নাগ্ৰিজুলি সমষ্টিৰ জনতাই কাক নিজৰ প্ৰতিনিধি হিচাপে বাছনি কৰিব – তাৰ জবাব ২৭ নং নাগ্ৰিজুলীৰ ৰাইজে দিব লগা দিন অতি সন্নিকটে।