BTR NEWS

নাগ্রীজুলি শাখা সাহিত্য সভা গঠন ৷ 

Telegram

নাগ্রীজুলি শাখা সাহিত্য সভা গঠন ৷ 

তামুলপুৰঃ

অসমৰ বৌদ্ধিক, সাহিত্যিক তথা জাতীয় সংগঠন অসম সাহিত্য সভাৰ নাগ্ৰীজুলি শাখা সমিতি গঠনৰ উদ্দেশ্যে যোৱা আজি তামুলপুৰ জিলাৰ অন্তৰ্গত নাগ্ৰীজুলিৰ শংকৰদেৱ শিশু নিকেতনত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। অৱসৰপ্ৰাপ্ত শিক্ষক তথা সাহিত্যিক সুভাষ চন্দ্ৰ দাসৰ পৌৰহিত্যত অনুষ্ঠিত সভাত অসম সাহিত্য সভাৰ কেন্দ্রীয় প্ৰকাশন উপ-সমিতিৰ উপ-সভাপতি ব্রজেন্দ্ৰ নাথ ডেকাৰ লগতে অঞ্চলটোৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি, শিক্ষক, কবি-সাহিত্যিক উপস্থিত থাকে। সভাত উপস্থিত ব্যক্তিসকলে বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলত অসমীয়া ভাষা-সাহিত্যৰ চৰ্চা আৰু বিকাশৰ বাবে অসম সাহিত্য সভাৰ নাগ্ৰীজুলি শাখা গঠন কৰাটো অতিকৈ জৰুৰী বুলি নিজৰ মত পোষণ কৰে। সভাত সৰ্বসন্মতিক্রমে অৱসৰপ্ৰাপ্ত শিক্ষক অজিত বৈশ্যক সভাপতি আৰু সাহিত্যানুৰাগী যুৱক ঈশ্বৰ লমছালক সম্পাদক হিচাপে লৈ অসম সাহিত্য সভাৰ নাগ্ৰীজুলি শাখা সমিতি খন গঠন কৰা হয়। সভাই শিক্ষকদ্বয় ৰত্নেশ্বৰ দাস আৰু ধনজিৎ শইকীয়াক উপ-সভাপতি, শিক্ষক হিতেশ বড়োক সহ-সম্পাদক, শিক্ষক পৰাগ কুমাৰ শৰ্মা আৰু সাহিত্যানুৰাগী যুৱক গৌতম হালৈক পত্রিকা সম্পাদক, ভাউৰাগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নিকোলাচ টুডুক ধনভড়ালীৰ দায়িত্ব অর্পণ কৰে। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰকাশন উপ-সমিতিৰ উপ-সভাপতি ব্রজেন্দ্র নাথ ডেকাই নিজৰ ভাষণ প্রসংগত শাখা সমিতি গঠন সম্পর্কে অসম সাহিত্য সভাৰ নীতি-নিৰ্দেশনাৰ বিষয়ে উপস্থিত ৰাইজক অৱগত কৰে ৷

Exit mobile version