
নলবাৰীবাসীৰ বাবে এক সুখবৰ!
নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (NMCH)-এ নতুন ইতিহাস ৰচিলে। আজি পোনপ্ৰথমবাৰৰ বাবে NMCH-ত মেৰুদণ্ডৰ অষ্ট্রোপচাৰ সফলতাৰে সম্পন্ন হৈছে। এই অষ্ট্রোপচাৰ ডাঃ ফিৰোজ কুমাৰ পেগুৰ নেতৃত্বত, ডাঃ মৃগাংক বৰা আৰু ডাঃ কুনাল ৰাম ফুকনৰ সহযোগত অনুষ্ঠিত হয়।
ৰোগীক D12 Vertebra Compression Fracture ৰোগৰ বাবে চিকিৎসা প্ৰদান কৰা হৈছিল। কঠিন আৰু জটিল এই অষ্ট্রোপচাৰ সম্পন্ন কৰাৰ লগতে চিকিৎসালয়ে অসমবাসীৰ আস্থা আৰু বিশ্বাস অধিক মজবুত কৰি তুলিছে। এই সফলতা NMCH আৰু সমগ্ৰ অসম চিকিৎসা ক্ষেত্ৰৰ বাবে এক মাইলৰ খুটি হিচাপে চিহ্নিত হৈছে।
এই ব্যৱস্থাপনাই পৰিচালনা কৰা চিকিৎসক আৰু সহায়ক সকলৰ প্ৰতি কৃতজ্ঞতা জনাই স্বাস্থ্য খণ্ডত এনেকুৱা আগ্ৰগতিবোৰ অব্যাহত থাকক বুলি আশা কৰোঁ। নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ক আৰু বেছি সফলতা অৰ্জনৰ শুভকামনা।