নতুন দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনক সাক্ষাৎ কৰে
আজিৰ দিনটো গুৰুত্বপূৰ্ণ সাক্ষাৎৰ দিন হিচাপে স্মৰণীয় হৈ ৰ’ল। নতুন দিল্লীত মাননীয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমন ডাঙৰীয়ানীক সাক্ষাৎ কৰাৰ সৌভাগ্য লাভ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
এই সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে এডভাণ্টেজ আছাম ২০২৫ৰ আয়োজন আৰু ইয়াত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনায়। অসমৰ সামগ্ৰিক উন্নয়ন আৰু বিনিয়োগৰ ক্ষেত্ৰত এই মেগা ইভেন্টটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।
এই সাক্ষাতে অসমৰ আগন্তুক দিশৰ বাবে এক নতুন প্ৰেক্ষাপট সৃষ্টি কৰাৰ আশা দৰ্শায়।