BTR NEWS

নতুন দিল্লীত অনুষ্ঠিত ৪৩ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা (IITF) ২০২৪-ত অসমৰ পেভিলিয়নে বিশেষ সাফল্য।

Telegram

নতুন দিল্লীত অনুষ্ঠিত ৪৩ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা (IITF) ২০২৪-ত অসমৰ পেভিলিয়নে বিশেষ সাফল্য ।

 

নতুন দিল্লীত অনুষ্ঠিত ৪৩ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা (IITF) ২০২৪-ত অসমৰ পেভিলিয়নে বিশেষ সাফল্য লাভ কৰিছে। বিষয়ভিত্তিক উপস্থাপন তথা সামগ্ৰীৰ গুণগত মানৰ বাবে অসমে “প্ৰদৰ্শনৰ উৎকৃষ্টতা”ৰ স্বীকৃতি স্বৰূপে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

 

অসম পেভিলিয়নে এই মেলাত হস্তশিল্প, কৃষি, বস্ত্ৰ, আৰু খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডৰ বহুমুখী সামগ্ৰীৰ জৰিয়তে দৰ্শকসকলৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাসকলৰ আগ্ৰহ লাভ কৰিছে।

 

এই পেভিলিয়নত প্ৰদৰ্শিত সামগ্ৰীয়ে অসমৰ পৰম্পৰাগত শিল্প-সংস্কৃতিৰ এক আকৰ্ষণীয় ছবি উপস্থাপন কৰিছে। বিশেষকৈ হস্তশিল্পৰ বস্ত্ৰসমূহ, ঐতিহ্যবাহী খাদ্য সামগ্ৰী আৰু উন্নত কৃষিজ প্ৰযুক্তি অসমক বাণিজ্যিক দিশৰ পৰা অধিক শক্তিশালী কৰি তুলিছে।

 

এই সাফল্যৰ জৰিয়তে অসমে আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজৰ স্থান অধিক সুদৃঢ় কৰাৰ লগতে ৰাজ্যৰ আয় সৃষ্টি আৰু বাণিজ্যিক সম্ভাৱনাক অধিক বৃদ্ধি কৰিবলৈ সক্ষম

হৈছে।

 

Exit mobile version