BTR NEWS

নগাঁৱত জিলা পৰিকল্পনা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত

Telegram

নগাঁৱত জিলা পৰিকল্পনা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত

 

আজিৰ তাৰিখ ৭ জানুৱাৰী ২০২৫, জিলা আয়ুক্ত, নগাঁও, শ্ৰীযুত নৰেন্দ্ৰ কুমাৰ শ্বাহ, ভাঃপ্ৰঃসেঃ মহোদয়ৰ অধ্যক্ষতাত জিলা পৰিকল্পনা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকখন নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়।

 

এই বৈঠকত জিলাখনৰ উন্নয়নমূলক পৰিকল্পনা আৰু বিভিন্ন কাম-কাজৰ সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। সমিতিৰ সদস্যসকলে নতুন পৰিকল্পনাসমূহৰ প্ৰস্তুতি, চলিত কাম-কাজৰ পৰ্যালোচনা আৰু আগন্তুক আঁচনি সমূহক বিশেষ গুৰুত্ব দিয়ে।

 

উক্ত বৈঠকত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী মনোজ কুমাৰ চিকাৰীয়া, অঃঅঃসেঃ, উপ-মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী অভিজিৎ চক্ৰৱৰ্তী লগতে জিলাৰ সন্মানীয় বিধায়কসকলৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।

 

জিলা আয়ুক্ত শ্ৰী নৰেন্দ্ৰ কুমাৰ শ্বাহৰ নেতৃত্বত সমিতিৰ সদস্যসকলে উন্নয়নৰ বাবে সংহত আৰু সুসম্বদ্ধ কাম-কাজৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বৈঠকে জিলাখনৰ উন্নয়ন খণ্ডত এক নতুন দিশ প্ৰদান কৰাৰ আশা প্ৰকাশ কৰিছে।

 

উৎসাহজনক পৰিৱেশত বৈঠক শেষ

সভাৰ অন্তত অংশগ্ৰহণকাৰীসকলে নিজ নিজ মতামত আৰু পৰামৰ্শ প্ৰকাশ কৰি উন্নয়নমূলক কাম-কাজৰ গতি তীব্ৰ কৰাৰ বাবে প্ৰতিশ্ৰুতি ব্যক্ত কৰে। সেয়েহে, আজিৰ এই বৈঠক নগাঁও জিলাৰ উন্নয়নৰ বাবে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈ ৰহিব।

 

Exit mobile version