ধৰ্মান্তকৰণ বন্ধ কৰাৰ দাবীত বিশ্ব হিন্দু পৰিষদ, বজৰংগ দলৰ জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান।

  • Current
  • January 18, 2025
  • 0 Comments
Telegram

ধৰ্মান্তকৰণ বন্ধ কৰাৰ দাবীত বিশ্ব হিন্দু পৰিষদ, বজৰংগ দলৰ জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান।

 

তামুলপুৰ, ১৮ জানুৱাৰীঃ

 

অবিভক্ত বাগছা জিলাৰ বিশ্ব হিন্দু পৰিষদ, বজৰংগ দলৰ কেইবাগৰাকীও বিষয়ববীয়াই আজি তামুলপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ তামুলপুৰ জিলাত হিন্দু ধৰ্মৰ পৰা আন ধৰ্মলৈ বিভিন্ন প্ৰলোভন দি ধৰ্মান্তকৰণ কৰাৰ ব্যৱস্থা বন্ধ কৰিবলৈ জিলা আয়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰ যোগে তেওঁলোকে প্ৰকাশ কৰে যে– তামুলপুৰ জিলাৰ বিভিন্ন পিছপৰা হিন্দু অঞ্চলত একাংশ খ্ৰীষ্টান ধৰ্মগুৰুৱে দুখীয়া পৰিয়ালৰ বেমাৰৰ চিকিৎসা, শিক্ষা আদি বিভিন্ন প্ৰলোভন দি ধৰ্ম পৰিৱৰ্তন কৰিবলৈ জোৰ কৰে আৰু খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য কৰোৱা হয়। আমাৰ তথ্য অনুসৰি জিলাখনৰ মেনকা চাহ বাগিচা, সোণমণি, হাজিৰাগাঁও, এন চি আঙাৰকাটা, বাঁহবাৰী, বড়ী আঙাৰকাটা, গুৱাবাৰী, নাগ্ৰীজুলি চাহবাগিচা, পাৰ্কীজুলি, পাহাৰপুৰ, বগামাটি, এন কে আঙাৰকাটা, হাতীডুবা, গোৱালবিল, বগাজুলি, ফিটকা, কাউলী, হৰিণচ’ৰা, গণেশগুৰি ইত্যাদি গাঁৱবোৰত খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ চলাই আছে। এইক্ষেত্ৰত অবিভক্ত বাগছা জিলাৰ বিশ্ব হিন্দু পৰিষদ, বজৰংগ দলে হিন্দু বসতি গাঁৱত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ বন্ধ কৰিবলৈ স্মাৰক পত্ৰ যোগে জিলা আয়ুক্তক দাবী জনায়। আজিৰ এই স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচীত বিশ্ব হিন্দু পৰিষদৰ বাগছা জিলাৰ সম্পাদক ৰমেন দাসসহ বিশ্ব হিন্দু পৰিষদ, বজৰংগ দলৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত আছিল।###

  • Related Posts

    • Current
    • September 12, 2025
    • 1 views
    • 1 minute Read
    ডিগবৈত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু

    Telegram

    TelegramTweetডিগবৈত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু   ডিগবৈৰ নাজিৰাটিং তামুলী বন গাঁৱত আজি ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গাঁৱখনৰ বাসিন্দা মতেশ্বৰ মৰাণ নামৰ এজন ব্যক্তিৰ মৃত্যু হয় বনৰীয়া হাতীৰ আক্ৰমণত।  …

    • Current
    • September 12, 2025
    • 2 views
    • 1 minute Read
    চামগুৰিত কংগ্ৰেছৰ গোপন বৈঠক, ৰকিবুলৰ পুত্ৰক প্ৰত্যাহ্বান

    Telegram

    TelegramTweetচামগুৰিত কংগ্ৰেছৰ গোপন বৈঠক, ৰকিবুলৰ পুত্ৰক প্ৰত্যাহ্বান   চামগুৰি বিধানসভা সমষ্টিত কংগ্ৰেছ দলে বৰ্তমান গোপন রাজনৈতিক তৎপৰতাত মগ্ন। কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনক প্ৰাৰ্থী হিচাপে আগবঢ়োৱা কথাতেই তীব্ৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *