দৰঙাজুলি সমষ্টিৰ কুমাৰীকাটাত দৰঙাজুলি সমষ্টি বিপিএফ ৰ নিৰ্বাচন পৰিচালনা সমিতি গঠনঃ

Telegram

দৰঙাজুলি সমষ্টিৰ কুমাৰীকাটাত দৰঙাজুলি সমষ্টি বিপিএফ ৰ নিৰ্বাচন পৰিচালনা সমিতি গঠনঃ

 

দৈনন্দিন বাৰ্তাৰ সেৱা,তামুলপুৰ,৬ ছেপ্টেম্বৰঃ

তামুলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বিটিচিৰ ২৬নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ কুমাৰীকাটাত আজি বিপিএফৰ ২৬নং দৰঙাজুলি সমষ্টিৰ নিৰ্বাচন পৰিচালনা সমিতি গঠন কৰা হয় ৷

এই সম্পৰ্কে অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা ৷ দৰঙাজুলি ব্লক বিপিএফৰ সভাপতি ফকৰুদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত আৰু দৰঙাজুলি ব্লক বিপিএফৰ সম্পাদক গোবিন্দ শৰণীয়াই আঁতধৰা সভাত দৰঙাজুলি সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী ইমানুৱেল মছাহাৰীয়ে কয় ৰাইজৰ আশীৰ্বাদ আৰু ঈশ্বৰৰ আশীৰ্বাদ শিৰত লৈ পঞ্চম বাৰৰ বাবে আমি নিৰ্বাচন খেলিছোঁ ৷ আমি উন্নয়নৰ বতৰা লৈ ৰাইজৰ মাজলৈ যাম ৷ বিটিচি গঠন ৰ সময়ত কি আছিল ইয়াৰ পিছত কি হল এইবোৰ কথা ৰাইজৰ মাজলৈ নি আমি ভোট বিচাৰিম ৷ মছাহাৰীৰ বাদেও তামুলপুৰ জিলা বিপিএফৰ ভাৰপ্ৰাপ্ত সভাপতি চিনাকান্ত বসুমতাৰী,কান্তেশ্বৰ বৰগোয়াৰী আৰু জি এছ পিৰ তামুলপুৰ জিলা সভাপতি মুকুট মহন্ত আদিয়েও নিৰ্বাচন সম্পৰ্কীয় ভাষণ প্ৰদান কৰে ৷

এই সভাতেই বাপুৰাম বড়োক সভাপতি আৰু বৃন্দাবন মণ্ডলক সাধাৰণ সম্পাদক হিচাপে লৈ ২৬নং দৰঙাজুলি সমষ্টি বিপিএফৰ এখন শক্তিশালী নিৰ্বাচন পৰিচালনা সমিতি গঠন কৰা হয় ৷ আজিৰ সভাত বহুসংখ্যক বিপিএফৰ নেতাকৰ্মীৰ লগতে কেবাশতাধিক সমৰ্থক উপস্থিত থাকে ৷###

  • Related Posts

    নাগ্ৰীজুলি সাপ্তাহিক বজাৰত দোকানে দোকানে প্ৰচাৰত নামিল বিপিএফৰ প্ৰাৰ্থী ডাঃ উত্তম দাস।

    Telegram

    TelegramTweetনাগ্ৰীজুলি সাপ্তাহিক বজাৰত দোকানে দোকানে প্ৰচাৰত নামিল বিপিএফৰ প্ৰাৰ্থী ডাঃ উত্তম দাস।   স্বাস্থ্য, শিক্ষা, যাতায়ত, নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিম- ডাঃ উট্যম দাস।   ৯ ছেপ্টেম্বৰ-   বিটিচি…

    মৰিয়নিৰ ৰাজনীতি তীব্ৰমৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অখিল গগৈক লক্ষ্য কৰি তীব্ৰ কটাক্ষ কৰিছে। বিধায়কে স্পষ্টকৈ কয়—

    Telegram

    TelegramTweetমৰিয়নিৰ ৰাজনীতি তীব্ৰমৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অখিল গগৈক লক্ষ্য কৰি তীব্ৰ কটাক্ষ কৰিছে। বিধায়কে স্পষ্টকৈ কয়— 🔹”মই জীয়াই থকালৈ মৰিয়নিৰ MLA মই।”   তেওঁ আরও কয়— 🔹”মই নিজে খেতি কৰিছো,…

    Leave a Reply

    Your email address will not be published. Required fields are marked *