BTR NEWS

দুই কোটি তেইছ লাখ টকা আত্মস্যাতৰ অভিযোগ। নাগ্ৰীজুলি আৰক্ষীযে আটক কৰা দুই যুৱক যুৱতীক জেল হাজতলৈ প্ৰেৰণ। 

Telegram

দুই কোটি তেইছ লাখ টকা আত্মস্যাতৰ অভিযোগ। নাগ্ৰীজুলি আৰক্ষীযে আটক কৰা দুই যুৱক যুৱতীক জেল হাজতলৈ প্ৰেৰণ। 

 

নাগ্ৰীজুলি, ১৯ জুন-

 

সহজলভ্য ধনৰ লালসাত পৰি এচাম লোকে সৰ্বশ্ৰান্ত হোৱাৰ ঘটনা অসমত নতুন নহয়। ধন বিনিয়োগৰ জৰিয়তে লাভ হিচাপে অধিক ধন আদায় দিয়াৰ প্ৰতিশ্ৰুতিৰে জি টি এন টেক্সটাইল ইণ্ডাষ্ট্ৰিজ লিমিটেড নামৰ হায়দাৰৱাদৰ এটা ফাইনেন্স কোম্পানীৰ নামত প্ৰায় ২ কোটি তেইছ লাখ টকা সৰকাই নিয়াৰ ওক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। ভুক্তভোগী লোক সকলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে ২০২১ চনত ওদালগুৰি জিলাৰ টংলা আৰক্ষী থানাৰ অন্তর্গত নলবাৰী চুবুৰীৰ ডিজি বড়ো নামৰ এগৰাকী যুৱতীয়ে টংলা ধূপগুৰি গাঁওৰ দুব্ৰা বড়োৰ পুত্ৰ লাচিত বড়ো আৰু গোৰেশ্বৰ অঞ্চলৰ চন্দন কুমাৰ বসুমতাৰী নামৰ যুৱক এজনৰ সহযোগত জি টি এন টেক্সটাইল ইণ্ডাষ্ট্ৰিজ লিমিটেড নামৰ কোম্পানীত কাম কৰা বুলি পৰিচয় দি তামুলপুৰ জিলাৰ নিজ কাউৰবাহা গাঁওৰ জানিৰাম বড়োৰ পুত্ৰ গজেন বড়োৰ পৰা ৫ লাখ টকা, তেওঁৰে ভাতৃ ব্ৰজেন বড়োৰ পৰা ২৫ লাখ টকা, নিজ কাউৰবাহা গাঁওৰে প্ৰফুল্ল দাসৰ পুত্ৰ সুকুমানি দাসৰ পৰা ৫ লাখ টকা, নিজ কাউৰবাহা গাঁওৰ হনলা বড়োৰ পুত্ৰ ধনেশ্বৰ বড়োৰ পৰা ২ লাখ টকা, পূব নাওকাটা গাঁওৰ ললিত বসুমতাৰীৰ পুত্ৰ গোবিন্দ বসুমতাৰীৰ পৰা ১১ লাখ টকা কোম্পানীত বিনিয়োগ কৰাৰ নামত আদায় কৰাৰ উপৰিও প্ৰায় ৩০/৩২ গৰাকী লোকৰ পৰা প্ৰায় দুই কোটি ২৩ লাখ টকা আদায় কৰে। প্ৰথম অৱস্থাত ডিজি বড়ো নামৰ যুৱতী গৰাকীয়ে দুই এজনক লাভৰ ধন হিচাপে কিছু টকা আদায় দিয়ে যদিও পিছত লাভৰ ধন দিয়া বন্ধ হৈ পৰাত ধন বিনিয়োগকাৰী সকলৰ মাজত হাহাকাৰ লাগে। ধন বিনিয়োগ কৰা লোক কেইজনে লাভৰ ধন নোপোৱাত নিজৰ জমা ধন ঘূৰাই বিচাৰি টংলাৰ যুৱতী ডিজি বড়োক লগ ধৰি বিফল হয়। পিছত ভুক্তভোগী গজেন বড়ো, ব্ৰজেন বড়ো, সুকুমনি দাস,ধনেশ্বৰ বড়ো আৰু গোবিন্দ বসুমতাৰীযে ডিজি বড়োৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে। পিছত তামুলপুৰ জিলা উপ আৰক্ষী অধীক্ষক মন্টু বৰাৰ আৰু নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুছেন দাসৰ নেতৃত্বত বিষয়টো সন্দৰ্ভত তদন্ত আৰম্ভ হয়। নাগ্ৰীজুলি আৰক্ষীয়ে ঘটনাৰ লগত জড়িত থকাৰ অপৰাধত কিছুদিন পূৰ্বে গোৰেশ্বৰৰ যুৱক চন্দন বসুমতাৰীক আটক কৰাৰ পিছত জালিয়তিৰে ধন সাৰকোৱাৰ অভিযোগত আজি পুনৰ ডিজি বড়ো নামৰ যুৱতী গৰাকীৰ লগতে লাচিত বড়ো নামৰ যুৱক গৰাকীক আটক কৰে। ধৃত যুৱতী গৰাকী আৰু যুৱক কেইজনৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষী থানাত গোচৰ নং ৫৪/২৫ ত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/৪২০/৪০৬/৩৪ ত গোচৰ ৰুজু কৰি আজি ধৃত ডিজি বড়ো আৰু লাচিত বড়োক বাক্সা জিলা সদৰ মুচলপুৰৰ ন্যায়িক দাণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়।

Exit mobile version