BTR NEWS

দক্ষিণ গান্ধীবাৰী শৰণীয়া চুবুৰীত ৩৬ সংখ্যক ভোগালী বিহু উদযাপনৰ প্ৰস্তুতি* 

Telegram

দক্ষিণ গান্ধীবাৰী শৰণীয়া চুবুৰীত ৩৬ সংখ্যক ভোগালী বিহু উদযাপনৰ প্ৰস্তুতি* 

 

তামুলপুৰ,৯ জানুৱাৰীঃ

 

তামুলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ গান্ধীবাৰী (শৰণীয়া চুবুৰী)ৰ শৈক্ষিক সামাজিক আৰু সাংস্কৃতিক দিশৰ এটি অগ্ৰণী অনুষ্ঠান “জ্ঞান-বিকাশ পুথিভঁড়াল”ৰ উদ্যোগত ‘৩৬ সংখ্যক ভোগালী বিহু সন্মিলন’খন অহা ২৯ পুহ, ১ মাঘ আৰু ২ মাঘ ( ইং ১৪, ১৫ আৰু ১৬ জানুৱাৰী, ২০২৫) তাৰিখত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ যো-জা কৰা হৈছে। ১৯৮৯ চনৰ পৰা অনুষ্ঠিত কৰি অহা এই উৎসৱটি ১৪ জানুৱাৰীৰ পুৱা ৭ বজাত মেজি প্ৰজ্বালনেৰে আৰম্ভ কৰিব দক্ষিণ গান্ধীবাৰী শ্ৰীশ্ৰীজগন্নাথ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি মনেশ্বৰ শৰণীয়াই। ১৫ জানুৱাৰীৰ পুৱা ৭ বজাত বিহু পতাকা উত্তোলন, পুৱা ৭.৩০ বজাত গছপুলি ৰোপণ ৷ এই কাৰ্যসূচী ৰূপায়ণ কৰিব গান্ধীবাৰী ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক জীতেন ডেকা আৰু পুৱা ৮:৩০ বজাত খেল-ধেমালি প্ৰতিযোগিতা উদ্বোধন কৰিব বি.টি.চি. বিধান পাৰিষদ সন্মানীয় মনোনীত সদস্য হেমন্ত কুমাৰ ৰাভাই। তাৰ পিছত ক্ৰমান্বয়ে আকস্মিক বক্তৃতা, কবিতা আবৃতি, তৰ্ক, কুইজ ইত্যাদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হʼব। সন্ধিয়া ৫ বজাৰ পৰা ভেশচন প্ৰতিযোগিতা, মৌ-কুঁৱৰী প্ৰতিযোগিতা আৰু পুৱা ৭ বজাত একক আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হʼব। ১৬ জানুৱাৰীৰ পুৱা ৬ বজাৰ পৰা বিশেষ দৌৰ প্ৰতিযোগিতা ( ৬ কিঃমিঃ) ৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰা হʼব। পুৱা ৯ বজাত আকৰ্ষণীয় খেল মহিলাসকলৰ ৰচী টনা খেল প্ৰতিযোগিতা , ১০ বজাত চিত্ৰাংকন প্ৰতিযোগিতা আৰু সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হʼব। দিনৰ ২ বজাত উদযাপন সমিতিৰ সভাপতি জিতু শৰণীয়াৰ সভাপতিত্বত অনুষ্ঠিত হʼবলগীয়া “বঁটা বিতৰণী আৰু সম্বৰ্ধনা সভা”খন উদ্ধোধন কৰিব লাট মণ্ডল বিমানজ্যোতি ডেকাই। সভাত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকিব বেঙেনাহাটী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ধৰ্মেশ্বৰ ডেকা, মুখ্য অতিথি হিচাপে থাকিব তেজপুৰৰ বিশিষ্ট ব্যৱসায়ী চুলতান খান, আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব তামুলপুৰ ব্লক ইউ. পি. পি. এল. ৰ সম্পাদক কবিন বসুমতাৰী আৰু তামুলপুৰ বিজেপি যুবমৰ্চাৰ সভাপতি ঋষভ ৰঞ্জন দাস, বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰিব গান্ধীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ধীৰেণ চৌধুৰী আৰু সন্মানীয় অতিথিৰ আসন অলংকৃত কৰিব সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপজ্যোতি শৰণীয়াই। তদুপৰি সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰী আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ বিমল ডেকা, শিক্ষক দিগন্ত ডেকা আৰু চক্ৰধৰ ডেকা, অৱসৰপ্ৰাপ্ত শিক্ষক ভবেন চন্দ্ৰ ডেকা, লাট গাওঁবুঢ়া নৰেশ্বৰ ডেকা আৰু অঞ্চলটোৰ ভালেকেইজন বিশিষ্টলোক। সন্ধিয়া ৭ বজাত সাংস্কৃতিক সন্ধিয়া উদ্ধোধন কৰিব ভাৰতীয় সেনাবাহিনীৰ প্ৰাক্তন সৈনিক ৰামকৃষ্ণ শৰণীয়াই। সাংস্কৃতিক সন্ধিয়াত সংগীত পৰিৱেশন কৰিব জনপ্ৰিয় কন্ঠশিল্পী হেমচন্দ্ৰ আৰু কুন্তলাই ৷ লগতে থাকিব জনপ্ৰিয় ইউটিউবাৰ “ব্লেক এণ্ড হোৱাইট” খ্যাত কৌতুক গোষ্ঠীৰ অভিনয়। অনুষ্ঠানটিৰ সফল সামৰণিৰ বাবে উদযাপন সমিতিৰ সম্পাদক ৰিশাল শৰণীয়াই সমূহ ৰাইজ তথা দল-সংগঠনৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।

Exit mobile version