BTR NEWS

তেতলীগুৰি-কালাকুছী বাৰোৱাৰী শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰৰ স্থায়ী সমিতি গঠন

Telegram

তেতলীগুৰি-কালাকুছী বাৰোৱাৰী শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰৰ স্থায়ী সমিতি গঠন

 

 

তামুলপুৰ,১৮ মে’- তামুলপুৰ জিলাৰ এখন ঐতিহ্যমণ্ডিত ধৰ্মীয়নুস্থান তেতলীগুৰি-কালাকুছী বাৰোৱাৰী শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰৰ স্থায়ী সমিতি কালি গঠন কৰা হয় ৷ এই লৈ লক্ষ্মী মন্দিৰৰ পৰিচালনা সমিতিৰ সভাগৃহত কালি আবেলি লক্ষ্মী মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি খগেন দাসৰ সভাপতিত্বত এখন সাধাৰন সভা অনুস্থিত হয় ৷ সম্পাদক সতীশ দাসে

উদ্দেশ্যে বাখ্যা কৰে সাধাৰন সভাত তেতলীগুৰি-কালাকুছী বাৰোৱাৰী শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰৰ বিভিন্ন দিশৰ উন্নয়নৰ সম্পৰ্কে বিশদ ভাৱে আলোচনাৰ অন্তত কে’বাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহন কৰা হয় ৷ কালিৰ সাধাৰন সভাতেই

২০২৫-২৭ বৰ্ষৰ বাবে অৱসৰি শিক্ষক তথা সমাজকৰ্মী ৰবীন্দ্ৰ নাথ ডেকাক সভাপতি,নিপুল তালুকদাৰক উপ সভাপতি ,প্ৰাক্তন আছু নেতা তথা যুৱ সমাজকৰ্মী,অসম সেনাৰ কেন্দ্ৰীয় সম্পাদক সোনেশ্বৰ কলিতাক সাধাৰন সম্পাদক,কমল কলিতাক সহকাৰী সম্পাদক হিচাপে লৈ ২০২৫-২৭ বৰ্ষৰ বাবে তেতলীগুৰি-কালাকুছী বাৰোৱাৰী শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰৰ ২৭ জনীয়াস্থায়ী সমিতি গঠন কৰা হয় ৷

Exit mobile version