তালপুৰ জিলা ক্ৰিকেট এচোছিয়েশ্যনৰ উদ্যোগত মানসিক চাপ মুক্ত শিবিৰ অনুষ্ঠিত কৰা হয়।
তামুলপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত কাৰ্যসূচীত তামুলপুৰ জিলাৰ যুৱ প্ৰজন্মৰ ক্ৰিকেট খেলুৱৈ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিশেষকৈ খেলৰ সময়ত হোৱা মানসিক চাপ সমূহ দূৰীকৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়।
প্ৰায় তিনি শতাধিক ক্ৰিকেট খেলুৱৈ (ছাত্ৰ-ছাত্ৰী) উপস্থিত থকা আজিৰ এই কাৰ্যসূচীত অসম ক্ৰিকেট একাডেমীৰ ক্ৰীড়া মানসিক শক্তিশালীকৰণৰ প্ৰশিক্ষক ত্ৰিৱেণী ভট্টাচাৰ্যই উপস্থিত সকলোকে খেলৰ সময়ত নিজকে কেনেদৰে মানসিক চাপ মুক্ত কৰিব লাগে এই বিষয়ে বিভিন্ন কৌশলগত পদ্ধতিৰ বিষয়ে আলোকপাত কৰে।
আজিৰ এই কাৰ্যসূচীত তামুলপুৰ জিলা ক্ৰিকেট এচোছিয়েশ্যনৰ কাৰ্য্যকৰী সভাপতি দেবেন দাস, সম্পাদক ধ্ৰুৱজ্যোতি ঠাকুৰীয়া, প্ৰশিক্ষক পৰাগ বৰ্মন, তামুলপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগেন বড়োসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।