তামুলপুৰ মহকুমা অসামৰিক চিকিৎসালয়ত ব্লাড বেংক মুকলি।
আজিৰে পৰা উপলব্ধ হ’ব গাইনোলজি বিভাগৰ অস্ত্ৰোপ্ৰচাৰৰ সুবিধা।
তামুলপুৰ মহকুমা অসামৰিক চিকিৎসালয়ত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰা ব্লাড বেংকৰ এই কাৰ্যসূচীত অবিভক্ত বাক্সা জিলাৰ যুটীয়া সঞ্চালক শশীন্দ্ৰ দাস, জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী, বিটিআৰৰ স্বাস্থ্য সঞ্চালক সহ স্বাস্থ্য বিভাগৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া, তামুলপুৰ স্বাস্থ্য বিভাগৰ কেইবাগৰাকীও চিকিৎসা বিষয়া আৰু অসামৰিক চিকিলয়খনৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে। এই ব্লাড বেংকে তামুলপুৰৰ দুখীয়া ৰোগী সকলৰ অস্ত্ৰোপ্ৰচাৰত সুবিধা হ’ব৷ ফলত স্ত্ৰীৰোগৰ জটিল অস্ত্ৰোপচাৰ কৰিবলৈ সুবিধা লাভ কৰিব বুলি বিধায়ক জলেন দৈমাৰীয়ে সাংবাদিকক জনায়।