তামুলপুৰ মহকুমা অসামৰিক চিকিৎসালয়ত ব্লাড বেংক মুকলি।
তামুলপুৰঃ১২জুনঃ
তামুলপুৰ মহকুমা অসামৰিক চিকিৎসালয়ত আজি আনুষ্ঠানিক ভাৱে তামুলপুৰ বাসীৰ সুবিধা হোৱাকৈ মুকলি কৰা হয় এটি ব্তালাড বেংক ৷ তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে ব্লাড বেংকটো। তামুলপুৰ জিলা স্বাস্থ্য বিভাগৰ কাৰ্যসূচী প্ৰৱন্ধক প্ৰশান্ত দত্তই আঁত ধৰা অনুষ্ঠানটোত অবিভক্ত বাকসা জিলাৰ যুটীয়া
স্বাস্থ্য সঞ্চালক শশীন্দ্ৰ দাস, তামুলপুৰ ৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী, বিটিআৰৰ স্বাস্থ্য সঞ্চালক ডা° ভুৱনেশ্বৰ স্বৰ্গীয়াৰী ,অসম চৰকাৰৰ কাৰ্যবাহী সঞ্চালক ডা° মনোজ চৌধুৰী , ৰাজ্যিক প্ৰগ্ৰেম মেনেজাৰ ডা° দ্বীপজ্যোতি ডেকা সহ স্বাস্থ্য বিভাগৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া, তামুলপুৰ স্বাস্থ্য বিভাগৰ কেইবাগৰাকীও চিকিৎসা বিষয়া আৰু অসামৰিক চিকিলয়খনৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে। আজি মুকলি কৰা উক্ত ব্লাড বেংকৰ পৰা তামুলপুৰৰ দুখীয়া ৰোগী সকলৰ বাবে অত্যাধুনিক চিকিৎসা ক্ষেত্ৰত সহায়ক হ’ব।তদুপৰি চিকিৎসালয় খনৰ অস্ত্ৰোপ্ৰচাৰত ই বিশেষ ভূমিক গ্ৰহন কৰিব। ইপিনে স্ত্ৰীৰোগৰ জটিল অস্ত্ৰোপচাৰ কৰিবলৈও সুবিধা লাভ কৰিব বুলি বিধায়ক জলেন দৈমাৰীয়ে সাংবাদিকক জনায়।