তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰীৰ প্ৰশংসনীয় পদক্ষেপ।
বিনামূলীয়াকৈ ৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ নীটৰ কোচিংৰ সুবিধা বিধায়কৰ ৷
তামুলপুৰ ২৭ মে
তামুলপুৰ বিধানসভাৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰী প্ৰশংসনীয় পদক্ষেপ। সমষ্টিটোৰ অন্তৰ্গত ছাত্ৰ-ছাত্ৰী’ৰ বাবে এটা সু-খবৰ কঢ়িয়াই আনিছে বিধায়ক গৰাকীয়ে। গুৱাহাটীৰ SPM LALAN’S কোচিং চেণ্টাৰত নীট পৰীক্ষাৰ বাবে ১১ মহীয়া প্ৰশিক্ষণ দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহন কৰিছ বিধায়ক জলেন দৈমাৰীয়ে ৷ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ বাবে তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত শিক্ষিত ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিবলৈ আহ্বান জনাইছে। 7099078514 নম্বৰৰ WhatsApp ৰ যোগেৰে Hi মেচেজ কৰি আবেদন কৰিব পাৰিব ছাত্ৰ-ছাত্ৰী সকলে। অহা ৬ জুন তাৰিখে আবেদন কৰাৰ অন্তিম দিন আৰু ৮ জুন তাৰিখে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বাচনি পৰীক্ষা অনুষ্ঠিত কৰি নীট পৰীক্ষাৰ বাবে তামুলপুৰ বিধান সভা সমষ্টিৰ ৫ জন ছাত্ৰ-ছাত্ৰীক বাচনি কৰা হ’ব ৷ বাচনি পৰীক্ষাত উৰ্ত্তীণ ছাত্ৰ ছাত্ৰীসকল নীট পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হব পৰাকৈ গুৱাহাটীৰ SPM LALAN’S কোচিং চেণ্টাৰত প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি। বিধায়ক জলেন দৈমাৰী সংবাদ মেলযোগে ঘোষনা কৰে।