BTR NEWS

তামুলপুৰ প্ৰেছ ক্লাৱত ছোচিএলিষ্ট পাৰ্টিৰ সংবাদ মেল : 

Telegram

তামুলপুৰ প্ৰেছ ক্লাৱত ছোচিএলিষ্ট পাৰ্টিৰ সংবাদ মেল : 

 

তামুলপুৰ , ৫ ছেপ্টেম্বৰ :

 

ছোচিএলিষ্ট পাৰ্টীৰ এখন সংবাদ মেল আজি তামুলপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় । সংবাদ মেল খন সম্বোধন কৰে পাৰ্টিটোৰ প্ৰতিনিধি সন্দীপ পাণ্ডে, সৈয়দ তাহসীন আহমেদ, সৰ্বজিত কৌশল, নিয় তাপো , ৰজনী ৰাণী, শাহিদ কামাল, সৈয়দ আবুবক্কৰ আৰু বিজু বৰবৰুৱা। সংবাদ মেলত তেওঁলোকে কয়

পাৰ্টিটোৰ ৮ জনীয়া প্ৰতিনিধিৰ দল এটাই ২ ছেপ্টেম্বৰৰ পৰা ৪ ছেপ্টেম্বৰলৈ অসমৰ গোৱালপাৰা , ধুবুৰী আৰু লখিমপুৰ জিলাত উচ্ছেদিত পৰিয়ালসমূহক সাক্ষাৎ কৰিবলৈ গৈছিল। আমি গোৱালপাৰা জিলাৰ উচ্ছেদিত বাংলাভাষী ৬৬৭ টা মুছলমান পৰিয়ালৰ ভিতৰত কেইটামান পৰিয়ালক সাক্ষাৎ কৰিছিলোঁ । আমি গম পাইছিলোঁ যে তেওঁলোকক দুখন ব্যক্তিগত পুনৰবাস কেন্দ্রত স্থানান্তৰ কৰা হৈছে । কাৰবালাত (৩০০ টা পৰিয়াল ) আৰু জান্নাতপুৰত (১৬১ টা পৰিয়াল )। চৰকাৰে ইয়াক সংৰক্ষিত বনৰীয়া এলেকা ঘোষণা কৰাৰ কথা কয় । কিন্তু ক্ষতিপূৰণ বা পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হোৱা নাই। এই পৰিয়াল সমূহৰ সদস্যসকলৰ আধাৰ, ভোটাৰ পৰিচয় , ৰেছন কাৰ্ড, পান , এন.আৰ.চিৰ নাগৰিকত্বৰ প্ৰমাণপত্র সকলো আছে।

সংবাদ মেলখনত তেওঁলোকে পুনৰ কয় ধুবুৰীৰ চিৰাকুটা , চাৰুঅবখৰা আৰু শান্তেশপুৰ গাঁওৰ প্ৰায় ১২০০ পৰিয়ালে উচ্ছেদৰ সন্মুখীন হৈছে। এইসকলৰ মাজত ৩০০ টা পৰিয়ালৰ জমি দলিল আছে, ১০০ টা পৰিয়ালক ২০১৮ চনত বিদ্যালয় স্থাপনৰ সময়ত চৰকাৰে মাটি দিছিল, ১৬৭ টা পৰিয়ালক চৰকাৰে দিয়া মাটিত PMAY ঘৰ দিয়াৰ লগতে ১৮৩ টা পৰিয়ালক নিজ মাটিত PMAY ঘৰ নিৰ্মাণ কৰিছিল। সংবাদ মেলত তেওঁলোকে লখিমপুৰৰ

ফুকানাৰহাট উত্তৰ তেলাহী গাঁও পঞ্চায়ত , উলুবাৰী গাওত ৪০‑টি় পৰিয়ালক উচ্ছেদ কৰা হৈছে। এই মাটি গ্ৰেজিঙ লেণ্ডৰ অন্তৰ্ভুক্ত। এইসকলৰ ১৪ টা অসমীয়া পৰিয়াল , কিছুমান অসমীয়া ভাষা কোৱা মুছলিম , ৩ টা আদিবাসী আৰু বাকীখিনি বাংলা ভাষী বা অসমীয়া ভাষী মুছলিম।

তেওঁলোকে আকৌ কয় যে

এই সকলো উচ্ছেদ ঘটনাই দেখুৱায় যে, বিশেষভাৱে মিঞা অৰ্থাৎ বাংলা ভাষা কোৱা মুছলিম পৰিয়ালক টাৰ্গেট কৰা হৈছে, নাগৰিকত্ব প্ৰমাণ থাকিলেও। এইবোৰ মৌলিক অধিকাৰ — জীৱনৰ অধিকাৰ —উলংঙ্ঘন। অহা বিধানসভা নিৰ্বাচনক লৈ সামাজিক বিভাজন সৃষ্টিৰ ৰণনীতি কৰা হৈছে।

 

৩ ছেপ্টে’ম্বৰত বিলাসিপাৰালৈ যোৱা সময়ত, স্থানীয় প্রশাসনৰ অনুমতি নোপোৱা বাবে তিনিখন গাঁওৰ মানুহক দেখা-সাক্ষাৎ কৰাৰ পৰা আমাক বাধা দিয়া হয়।

 

অসম চৰকাৰে উচ্ছেদ হোৱা লোক সকলক পুনৰ সংস্থাপনৰ ব্যবস্থা কৰিবলৈও তেওঁলোকে সংবাদ মেল যোগে দাবী জনায় ।$

Exit mobile version