BTR NEWS

তামুলপুৰ পৌৰসভাৰ স্বচ্ছ অভিযান ৷

Telegram

তামুলপুৰ পৌৰসভাৰ স্বচ্ছ অভিযান ৷

তামুলপুৰঃ২৫ জানুৱাৰীঃ

কাইলৈ দেশৰ ৭৬ সংখ্যক গনৰাজ্য দিৱস ৷ গনৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি আজি পুৱা তামুলপুৰ জিলা সদৰত জিলা প্ৰশাসন আৰু তামুলপুৰ পৌৰসভাৰ উদ্যোগত জিলাখনৰ হৃদপিণ্ড স্বৰূপ গোৰেশ্বৰ চ’কৰ ব্যৱসায়িক অঞ্চলত এক স্বচ্ছ অভিযান চলোৱা হয় ৷ এই স্বচ্ছ অভিযানৰ শুভাৰম্ভ কৰে জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে ৷ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, ৰাজহ চক্ৰ বিষয়া ইলিনা কাণ্ডুলনা,খণ্ড উন্নয়ন বিষয়া দেৱ কুমাৰ বসুমতাৰী ,পৌৰপতি বানীকান্ত বসুমতাৰী, উপ পৌৰপতি অৰ্চনা চৌধুৰী সহ স্বচ্ছতা অভিযানত তামুলপুৰ পৌৰসভা উন্নয়ন খণ্ড আৰু জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী সকলে সহযোগ কৰে ৷ এই স্বচ্ছ অভিযানত গোৰেশ্বৰ চ’ক ব্যৱসায়ী সন্থাৰ কৰ্মকৰ্তা আৰু ব্যৱসায়ী সকলে অংশ গ্ৰহন কৰি স্বচ্ছ অভিযানটো সফল কৰি তোলে ৷

Exit mobile version