তামুলপুৰ পৌৰসভাৰ সজাগতামূলক সভা— গুটখা পাণ মছলা বৰবিহ, গুটখা পাণ মছলা বৰ্জন কৰক— ডঃ অমৰজ্যোতি কাশ্যপ। 

  • Current
  • December 7, 2024
  • 0 Comments
Telegram

তামুলপুৰ পৌৰসভাৰ সজাগতামূলক সভা—

গুটখা পাণ মছলা বৰবিহ, গুটখা পাণ মছলা বৰ্জন কৰক— ডঃ অমৰজ্যোতি কাশ্যপ।

 

তামুলপুৰ,৭ ডিচেম্বৰঃ

 

গুটখা পাণ মছলা বৰবিহ, গুটখা পাণ মছলা বৰ্জন কৰক, বৰ্জন কৰক–এই আহ্বান বিশিষ্ট বিজ্ঞানী ড° অমৰজ্যোতি কাশ্যপৰ ৷ আজি তামুলপুৰ পৌৰসভাৰ উদ্যোগত তামুলপুৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ পৰামৰ্শত তামুলপুৰ দূৰ্গা মন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত বৰবিহ গুটখা, পাণমছলা আদি সেৱন আৰু কিছুমান আবৰ্জনাৰ পৰা উদ্ভৱ হব পৰা বীজাণুৰ বিৰুদ্ধে অনুষ্ঠিত এক সজাগতামূলক সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি বিশিষ্ট বিজ্ঞানী ড° অমৰজ্যোতি কাশ্যপে উপস্থিত সভাসদক এই আহ্বান জনায় ৷ তেওঁ কয়- গুটখা পাণ মছলা সেৱনৰ ফলত আমাৰ বহুলোক কৰ্কট আদি ৰোগত আক্ৰান্ত হৈ অকালতে মৃত্যুবৰণ কৰিব লগা হয় ৷ আমি আমাৰ শিশু সকলক মৰমতে হাতত তুলি দিয়া ছিপচ পেকেটত হৃদৰোগৰ কাৰক লুকাই থকাৰ তথ্য সদৰী কৰি আমি আমাৰ নিজৰ জীৱন সুৰক্ষিত কৰাৰ লগতে আমাৰ ল’ৰা ছোৱালীৰ জীৱন দীৰ্ঘায়ু কৰিবৰ বাবে সকলোকে সেইবোৰ বৰ্জন কৰিবলৈ আহ্বান জনায়৷ প্লাষ্টিক আৰু জাৱৰ জোথোৰবোৰ আমি নিষ্কাষণৰ দ্বাৰা কেনেকৈ আমাৰ উপকাৰত লগাব পাৰো তাৰো তেওঁ ব্যাখ্যা দাঙি ধৰে ৷ তামুলপুৰৰ সাংস্কৃতিক কৰ্মী শ্যামল দাসে আঁতধৰা সজাগতা সভাখন উদ্বোধন কৰি তামুলপুৰ জিলাৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে কয়- সাম্প্ৰতিক সময়ত আমি আমাৰ সমাজ ব্যৱস্থা আৰু পাৰিপাৰ্শ্বিক ব্যৱস্থাৰ বিৰুদ্ধে কিছুমান কাম হাতত লৈছোঁ ৷ প্ৰকৃতিৰ নিয়মৰ বাহিৰত আমি কিছুমান কাম হাতত লৈছোঁ ৷ ফলত আমাৰ কিছুমান সমস্যা হৈছে ৷ এই সমস্যাৰ পৰা ওলাই আহিবলৈ আমি প্ৰকৃতিৰ সতে সহ অৱস্থান কৰিবলৈ তেওঁ আহ্বান জনায়৷ শেহতীয়া ভাৱে জিলা দণ্ডাধীশৰ জৰিয়তে হাতী মানুহৰ সংঘাট দূৰ কৰিবলৈ বনভোজ স্থলীত শব্দ যন্ত্ৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰু প্লাষ্টিক বৰ্জনৰ বিষয়েও জিলা আয়ুক্ত গৰাকীয়ে উদ্বোধনী ভাষণত উল্লেখ কৰে ৷ সজাগতা সভাখনত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পুৰন্দৰ বড়ো, তামুলপুৰ পৌৰ সভাৰ পৌৰপতি বাণীকান্ত বসুমতাৰীয়েও সাৰুৱা ভাষণ প্ৰদান কৰে ৷ আজিৰ সজাগতা সভাখনত তামুলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ইলিমা কান্দুলনা, তামুলপুৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰবক্তা সুনন্দ বৰ্মন, তামুলপুৰ সংহত শিশু বিকাশ প্ৰকল্পৰ প্ৰকল্প বিষয়া ইৰাণী ঠাকুৰীয়া, উপ পৌৰপতি অৰ্চনা চৌধুৰীকে ধৰি বহু সংখ্যক বিষয়া কৰ্মচাৰী, স্থানীয় জ্যেষ্ঠ নাগৰিক আৰু কেবা শতাধিক স্থানীয় নাগৰিকে অংশগ্ৰহণ কৰে ৷

  • Related Posts

    • Current
    • August 11, 2025
    • 6 views
    • 1 minute Read
    নতুন দিল্লীত আজি বিৰোধী ইণ্ডিয়া ব্লকৰ শতাধিক নেতা-সাংসদে SIR সন্দৰ্ভত নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ গতি কৰে ওজৰ-আপত্তি জনাবলৈ

    Telegram

    TelegramTweetনতুন দিল্লীত আজি বিৰোধী ইণ্ডিয়া ব্লকৰ শতাধিক নেতা-সাংসদে SIR সন্দৰ্ভত নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ গতি কৰে ওজৰ-আপত্তি জনাবলৈ। কিন্তু সংসদ ভৱনৰ পৰা কেইটামান ৰাস্তাৰ দূৰতই আৰক্ষীয়ে বেৰিকেড দি প্ৰতিবাদীসকলক আটকায়। বিৰোধীসকলৰ…

    • Current
    • August 10, 2025
    • 4 views
    • 2 minutes Read
    Baksa Gets Two New RCC Bridges to Boost Connectivity and Economic Growth

    Telegram

    TelegramTweetBaksa Gets Two New RCC Bridges to Boost Connectivity and Economic Growth Baksa, August 10: In a significant step towards strengthening road connectivity in the region, Hon’ble Chief Minister Dr.…

    Leave a Reply

    Your email address will not be published. Required fields are marked *