তামুলপুৰ পথ সুৰক্ষা সন্দৰ্ভত সভা 

Telegram

তামুলপুৰ পথ সুৰক্ষা সন্দৰ্ভত সভা 

 

তামুলপুৰঃ৭ জানুৱাৰীঃ

তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি তামুলপুৰ মহকুমা গাঁও ৰক্ষী বাহিনীৰ সভাগৃহত দুৰ্যোগ প্ৰশমন বিভাগে এখন পথ সুৰক্ষা সজাগতা সভাৰ আয়োজন কৰে। দুৰ্যোগ প্ৰশমন বিভাগৰ জিলা পৰিচালক চন্দা সিংএ আঁত ধৰা সজাগতা সভাত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী অগ্নিনিৰ্বাপক বাহিনীৰ তামুলপুৰ কেন্দ্ৰৰ বিষয়া তামুলপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গাওঁৰক্ষী বাহিনীৰ চক্ৰ পৰিদৰ্শক দিলিপ দাস প্ৰমুখ্যে গাওঁৰক্ষী বাহিনীৰ সদস্য সদস্যা সকল শিক্ষক সাংবাদিক সকল উপস্থিত থাকে ৷

 

সজাগতা সভাত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে জিলা খনত পথ সুৰক্ষা দ্বাৰা এলানি সজাগতা মূলক কাৰ্যসূচী গ্ৰ্ৰহন কৰাৰ কথা অৱগত কৰে ৷তেওঁ ভাষন প্ৰসংগত কয় যে —দুৰ্যোগ আহিলে আমি সকলোৱে দুখোজ পিছুৱাই যাব লগা হয় ৷সেই কাৰনে প্ৰকৃতিক আমি শ্ৰদ্ধা কৰিবলৈ শিকিব লাগে ৷প্ৰকৃতিৰ উপৰত ৰুষ্ট হ’লে বিপদ আহে ৷ ৰাসয়নিক সাৰে বিপদ মাতিব পাৰে বুলি কৈ তেওঁ চৰকাৰে অনুঞ্জাপত্ৰ থকা সাৰ হে খেতিপথাৰত প্ৰয়োগ কৰিবলৈ আহ্বান জনায়। ইপিনে পাৰিলে কৃষিক্ষেত্ৰত থলুৱা সাৰক প্ৰাধান্য দিবলৈ চেষ্টা কৰিব লাগে বুলি কৈ পুনৰ কয় যে মানুহেও দুৰ্যোগ সৃষ্টি কৰে ৷ নকৰিব লগা কাম কৰিব নালাগে বুলি কোৱাৰ উপৰিও তেওঁ জিলা খনৰ বনাঞ্চল সমূহত প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰা শব্দ প্ৰদূষণ নিয়ন্ত্ৰণ কৰা হৈছে বুলি কয় ৷ তেওঁ বাটৰ নাটে পথ সুৰক্ষাত সহায় কৰিব বুলি প্ৰশাাসনে পথ সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট কাম কৰিছে বুলি কয় ৷ তামুলপুৰ জিলাৰ জনসাধাৰণৰ মাজত দুৰ্যোগ প্ৰশমন আৰু পথ সুৰক্ষাৰ ওপৰত বিভিন্ন কৌশল অৱলম্বন কৰি সজাগতা আনিবলৈ প্ৰয়াস কৰা হৈছে বুলি কয় ৷সজাগতা সভাৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া ডিম্বেশ্বৰ চিন্তে সকলে জুই extinguisher বিস্ফোৰণৰ সময়ত কেনেকৈ ব্যৱহাৰ কৰিব লগে আৰু বাটত চিলিণ্ডাৰ বিস্ফোৰন হলে কি কৰিব লাগিব ৷ পথ দুৰ্ঘটনা হলে আহত সকলক কি দৰে উদ্ধাৰ কৰিব পাৰি তাৰ কৌশল সমূহ প্ৰদৰ্শন কৰে। তামুলপুৰৰ এটি স্বেচ্ছাসেৱী অনুষ্ঠানে জিলা প্ৰশাসনৰ হৈ অনুপ কুমাৰ নাথৰ পৰিচালাানত সুৰক্ষা শীৰ্ষক এখন বাটৰ নাট পৰিবেশন কৰি জনসাধাৰণৰ মাজত সজিগতা আনিবলৈ প্ৰয়াস কৰে ৷ আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ লগতে আৰক্ষী বিষয়া শেইজং চংলৈ সকলেও বাটৰ নাট উপভোগ কৰি সন্তুষ্ট হয়।

  • Related Posts

    • Current
    • June 18, 2025
    • 2 views
    • 1 minute Read
    সোনম ৰঘুবংশীৰ ভাই গোৱিন্দৰ প্ৰতিক্ৰিয়া নাৰ্কো টেষ্ট দাবীত

    Telegram

    TelegramTweetসোনম ৰঘুবংশীৰ ভাই গোৱিন্দৰ প্ৰতিক্ৰিয়া নাৰ্কো টেষ্ট দাবীত 🗣️ ——————————————————   ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ সন্দেহত কোৱা যোৱা সোনম ৰঘুবংশীৰ নাম কেন্দ্ৰ কৰি যেতিয়া নাৰ্কো টেষ্টৰ দাবী উঠিছে, তেতিয়াই পৰিয়ালৰ পৰা…

    • Current
    • June 18, 2025
    • 3 views
    • 1 minute Read
    🐄 গো-মাংসক কেন্দ্ৰ কৰি উত্তেজনা | মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈৰ মাজত বাকযুদ্ধ 🗣️

    Telegram

    TelegramTweet🐄 গো-মাংসক কেন্দ্ৰ কৰি উত্তেজনা | মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈৰ মাজত বাকযুদ্ধ 🗣️   অসমত গো-মাংস বিষয়ক বিতৰ্কত আকৌ জুই ধৰিছে। ঠায়ে ঠায়ে উত্তেজনাপূৰ্ণ পৰিস্থিতি সৃষ্টি হোৱাৰ পাছতেই এই ইস্যুটোক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *