BTR NEWS

তামুলপুৰ জিলা ৰাভা ছাত্ৰ সন্থাৰ প্ৰথম দ্বি – বাৰ্ষিক অধিবেশনৰ লাইখুটা স্থাপন।

Telegram

তামুলপুৰ জিলা ৰাভা ছাত্ৰ সন্থাৰ প্ৰথম দ্বি – বাৰ্ষিক অধিবেশনৰ লাইখুটা স্থাপন

 

তামুলপুৰ,৯ ডিচেম্বৰ-

 

অহা ২১ আৰু ২২ ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুস্থিত হব তামুলপুৰ জিলা ৰাভা ছাত্ৰ সন্থাৰ প্ৰথম দ্বি – বাৰ্ষিক অধিবেশন ৷ তামুলপুৰ জিলাৰ নতুন হাউলী গাওঁৰ ৰাইজৰ আতিথ্যত অনুষ্ঠিত হব লগীয়া তামুলপুৰ জিলা ৰাভা ছাত্ৰ সন্থাৰ প্ৰথম দ্বি – বাৰ্ষিক অধিবেশনৰ আজি লাইখুটা স্থাপন কৰা হয় ৷ আজি পুৱা এক মাংগলিক পৰিবেশত লাই খূটা স্থাপন কৰে প্ৰাক্তন ছাত্ৰ নেতা তথা তামুলপুৰ জিলা জনজাতি উন্নয়ণ পৰিষদৰ বোৰ্ডৰ অধ্যক্ষ ম মহেন্দ্ৰ ৰাভাই৷ লাইখূটা স্থাপন অনুষ্ঠানত তামুলপুৰ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি পূৰ্ণ সিং ৰাভা, ৰাভা উন্নয়ন পৰিষদ দাবী সমিতিৰ সভাপতি লক্ষী ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ সভাপতি শ্ৰী দীপাংকৰ ৰাভা, ৰাভা গণ মঞ্চৰ সম্পাদক শ্ৰী ছবিন ৰাভা, তামুলপুৰ জিলা ৰাভা জাতীয় পৰিষদৰ সভাপতি শ্ৰী সুৰেন ৰাভা আৰু নতুন হাউলী গাঁওবাসীৰ উপস্থিত থাকে।

Exit mobile version