
তামুলপুৰ জিলা ভিত্তিত বিটিআৰ চিইএম ফুটবলৰ চুড়ান্ত খেলত ।
==============================
কুমাৰীকাটা ,৮ জুলাই :-
বিটিআৰত চলি থকা চি ই এম ফুটবল প্ৰতিযোগিতা তামুলপুৰৰ নাগ্ৰীজুলিত অনুষ্ঠিত হোৱা জিলা ভিত্তিক চি ই এম কাপ ফুটবল প্ৰতিযোগিতাৰ আজি চুড়ান্ত খেলখন অনুষ্ঠিত হয় । বিটিআৰ চৰকাৰৰ ক্ৰীড়া বিভাগৰ উদ্যোগত আৰু তামুলপুৰ জিলা ক্ৰীড়া বিভাগৰ সহযোগত নাগ্ৰীজুলিৰ খাটৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দৰঙ্গাজুলী সমষ্টি আৰু গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ মাজত চুড়ান্ত খেলখন অনুষ্ঠিত হয়। খেলৰ অন্তত গোৰেশ্বৰে সমষ্টিয়ে দৰঙ্গাজুলী সমষ্টিক ২–১ গলত পৰাজিত কৰি চুড়ান্ত বিজয়ী খীতাপ লাভ কৰে। খেলখন পৰিচালনা কৰে তৰুণ ৰাজবংশীয়ে , লাইনত সহায় কৰে সন্জয় বড়ো আৰু চৌগুমচাৰ বড়োৱে।চুড়ান্ত খেলখন উদ্বোধন কৰে আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ হলিচৰন নাৰ্জাৰীয়ে । নাৰ্জাৰীক সংগদিয়ে তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰীয়ে ।