
তামুলপুৰ জিলা ভিত্তিত বিটিআৰ চিইএম ফুটবল প্ৰতিযোগিতাৰ আৰম্ভণিঃ
তামুলপুৰ,৭ জুলাইঃ
বিটিআৰত চলি থকা চি ই এম ফুটবল প্ৰতিযোগিতাৰ অংশ স্বৰূপে আজি তামুলপুৰৰ নাগ্ৰীজুলিত অনুষ্ঠিত হয় জিলা ভিত্তিক চি ই এম কাপ ফুটবল প্ৰতিযোগিতা।
বিটিআৰ চৰকাৰৰ ক্ৰীড়া বিভাগৰ উদ্যোগত আৰু তামুলপুৰ জিলা ক্ৰীড়া বিভাগৰ সহযোগত নাগ্ৰীজুলিৰ খাটৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্বোধনী খেলখন শুভ উদ্বোধন কৰে বিটিআৰ চৰকাৰৰ ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য দাওবৈচা বড়ো আৰু বিধায়ক জলেন দৈমাৰীয়ে।
ভিচিডিচি পৰ্যায়ৰ অন্তত আজিৰে পৰা পাঁচটা পৰিষদীয় সমষ্টিৰ মাজত জিলা ভিত্তিক আৰম্ভ হয় প্ৰতিযোগিতা খনি ৷ দৰঙ্গাজুলি সমষ্টি আৰু শুক্লাইচেৰফাং সমষ্টিৰ মাজত অনুষ্ঠিত তীব্ৰ প্ৰতিযোগিতামূলক খেলখন অমীমাংসিত ভাৱে শেষ হোৱাত ট্ৰাইবেকাৰ পদ্ধতিৰ সহায় লোৱা হয় ৷ আজিৰ প্ৰতিযোগিতাখনিত
দৰঙ্গাজুলি পৰিষদীয় সমষ্টি দলে শুক্লাইচেৰফাং সমষ্টিক ট্ৰাইবেকাৰ পদ্ধতিৰ জৰিয়তে ৩-২ গ’লত পৰাস্ত কৰে ৷ আজিৰ উদ্বোধনী অনুষ্ঠানত বিটিআৰৰ মনোনীত পাৰিষদ হেমন্ত কুমাৰ ৰাভা আৰু ক্ৰীড়া বিষয়া দেবাংগ মহিলাৰীকে ধৰি তামুলপুৰৰ বহুসংখ্যক ক্ৰীড়াপ্ৰেমী উপস্থিত থাকে৷