তামুলপুৰ জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নতুন সমিতি গঠনঃ

Telegram

তামুলপুৰ জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নতুন সমিতি গঠনঃ

 

তামুলপুৰ ২৮ মে’ঃ

 

অসমৰ একমাত্ৰ প্ৰগতিশীল ছাত্ৰ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তামুলপুৰ জিলা সমিতিৰ এখন সভা আজি তামুলপুৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৷ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পিণ্টু গগৈ,কাৰ্যকৰী সভাপতি আল-মোস্তা ফিজুৰ ৰহমান,সাধাৰণ সম্পাদক আলমিন হ’ক আৰু মাজুলী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল গাৰ্গ উপস্থিত থকা প্ৰতিনিধি সভাখনত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ প্ৰতিনিধি সভাখনত কেন্দ্ৰীয় নেতৃত্বই সংগঠনটোৰ নীতি আদৰ্শ আৰু লক্ষ্য,উদ্দেশ্য সম্পৰ্কে বক্তব্য প্ৰদান কৰাৰ পিছতে প্ৰতিনিধি সভাত সৰ্বসন্মতি ক্ৰমে অভিজিৎ ৰাভাক সভাপতি,তপেশ্বৰ বড়োক কাৰ্যকৰী সভাপতি,জাফুংশ্বাৰ বড়ো আৰু সূৰ্য ৰাভা,লক্ষী বেজবৰুৱাক সহকাৰী সম্পাদক,ডেইজী ৰাভাক সাংস্কৃতিক সম্পাদিকা ,আনিছ নেৱাৰক ক্ৰীড়া সম্পাদক হিচাপে লৈ মুঠ ৫১ জনীয়া এখন শক্তিশালী সমিতি গঠন কৰা হয় ৷ সমিতি গঠনৰ পিছতেই নৱ নিৰ্বাচিত সমিতিৰ বিষয়ববীয়া সকলক সংগঠনটোৰ নীতি অনুসৰি কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি দলটোৱে শপত বাক্য পাঠ কৰোৱায় ৷ অনাগত দিনত তামুলপুৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি শক্তিশালী ৰূপত আগবঢ়াই লৈ যোৱাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মৌলিক সমস্যা সমূহৰ লগতে অসমৰ জাতীয় জীৱনৰ সমস্যা সমূহ সমাধান কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব বুলি নৱ নিৰ্বাচিত তামুলপুৰ জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বই জানিবলৈ দিয়ে৷

  • Related Posts

    • Current
    • June 21, 2025
    • 2 views
    • 1 minute Read
    শিলচৰত নিচা-চোৰাংচোৱাৰ বিরোধী অভিযান | ৩.০৯৫ কেজি মৰ্ফিন জব্দ

    Telegram

    TelegramTweet🔴 শিলচৰত নিচা-চোৰাংচোৱাৰ বিরোধী অভিযান | ৩.০৯৫ কেজি মৰ্ফিন জব্দ   এক বিশ্বাসযোগ্য গোপন সূত্ৰৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে বিশেষ অভিযান চলাইছে শিলচৰ বাইপাছত। অভিযানৰ সময়ত শিলচৰ থানাৰ অন্তৰ্গত স্থানত মণিপুৰৰ…

    • Current
    • June 21, 2025
    • 2 views
    • 2 minutes Read
    11th International Yoga Day Celebrated in Tamulpur*

    Telegram

    TelegramTweet*11th International Yoga Day Celebrated in Tamulpur* *Tamulpur, 21 June 2025* : The 11th International Yoga Day was celebrated today at the Mahaprabhu Sri Sri Gopal and Jagannath Than Satra…

    Leave a Reply

    Your email address will not be published. Required fields are marked *