
তামুলপুৰ জিলা গোৰ্খা ছাত্র সন্থাৰ সাধাৰণ সভা সম্পন্ন, নতুন আঞ্চলিক সমিতি গঠন
তামুলপুৰ, ১০ এপ্ৰিলঃ
তামুলপুৰৰ গেৰুৱাত আজি সদৌ অসম গোৰ্খা ছাত্র সন্থা তামুলপুৰ জিলা সমিতিৰ উদ্যোগত এখনি সাধাৰণ সভা অনুষ্ঠিত হয়। দিনৰ ১ বজাৰ পৰা জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাজু তামাঙৰ সভাপতিত্বত আৰম্ভ হোৱা সভাত নাৰায়ণ গৌতমক সভাপতি আৰু ৰোমা কাৰ্কীক সাধাৰণ সম্পাদক হিচাপে লৈ ২১ জনীয়া নতুন তামুলপুৰ আঞ্চলিক সমিতি গঠন কৰা হয়।
ইয়াৰ উপৰিও এই সভাত বানগুৰি, দেউলগুৰি আৰু পাক্ৰীবাৰী শাখা সমিতিও গঠন কৰা হয়। সভাত সদৌ অসম গোৰ্খা ছাত্র সন্থাৰ কেন্দ্রীয় সমিতিৰ উপ-সভাপতি সঞ্জীৱ চৌহান, ৰাজু বজগাঁই, অসম গোৰ্খা সন্মিলন তামুলপুৰ জিলা সমিতিৰ সভাপতি নৰেন কাৰ্কী, বিটিচিৰ প্ৰাক্তন এমচিএলএ বাসুদেৱ উপাধ্যায়, গোৰ্খা নেতা লোহিত উপ্ৰেতীৰ লগতে বৃহৎ সংখ্যক গোৰ্খা ৰাইজ উপস্থিত থাকে।
মঞ্চত বক্তাসকলে গোৰ্খা সমাজৰ ঐক্য, শিক্ষাৰ উন্নতি আৰু সামাজিক-সাংস্কৃতিক বিকাশৰ প্ৰয়োজনীয়তা বিষয়ে গুৰুত্ব আৰোপ কৰে।