তামুলপুৰ জিলা কংগ্ৰেছৰ মৌন প্ৰতিবাদী কাৰ্যসূচী।

  • Current
  • December 20, 2024
  • 0 Comments
Telegram

তামুলপুৰ জিলা কংগ্ৰেছৰ মৌন প্ৰতিবাদী কাৰ্যসূচী।

তামুলপুৰ ২০ ডিচেম্বৰ।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ আহ্বানত আজি তামুলপুৰ জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত মৌন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছ কৰ্মী সকলে। উল্লেখ যে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ আহ্বানত বুধবাৰে অৰ্থাৎ ১৮ ডিচেম্বৰ তাৰিখে গুৱাহাটীত ‘ৰাজভৱন চলো’ কাৰ্যসূচীত আৰক্ষীৰ অত্যাচাৰত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মৃদুল ইছলাম নামৰ এজন কৰ্মীয়ে থিতাতে প্ৰাণ হেৰুৱাইছিল। আৰক্ষীৰ কন্দুৱা গেছ প্ৰয়োগত কংগ্ৰেছ কৰ্মীৰ লগতে বহু কেইগৰাকীও সংবাদকৰ্মীও গুৰুতৰভাৱে অসুস্থ হৈছিল। এই ঘটনাৰ প্ৰতিবাদত আজি তামুলপুৰ জিলা কংগ্ৰেছ কমিটিয়ে তামুলপুৰ জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত মৌন প্ৰতিবাদ কৰি মৃদুল ইছলামৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি পৰিয়ালক চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ দাবী জনাই। মৌন প্ৰতিবাদী কাৰ্যসূচীৰ অনন্ত তামুলপুৰ জিলাৰ আয়ুক্তৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে তামুলপুৰ জিলা কংগ্ৰেছ কমিটিয়ে। আজিৰ এই যৌন প্ৰতিবাদী কাৰ্যসূচীত
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এছ টি মৰ্চাৰ সাধাৰণ সম্পাদক ৰাহুল ৰাভা, তামুলপুৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি যৌচবন্ত চৌহানৰ লগতে তামুলপুৰ, দৰঙাজুলি, নাগ্ৰীজুলি, গোৰেশ্বৰ, চুক্লাইচেৰফাং, বাগানপাৰা বক্লৰ সভাপতি সম্পাদকৰ লগতে শতাধিক কংগ্ৰেছ কৰ্মী উপস্থিত থাকে।

  • Related Posts

    • Current
    • August 11, 2025
    • 6 views
    • 1 minute Read
    নতুন দিল্লীত আজি বিৰোধী ইণ্ডিয়া ব্লকৰ শতাধিক নেতা-সাংসদে SIR সন্দৰ্ভত নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ গতি কৰে ওজৰ-আপত্তি জনাবলৈ

    Telegram

    TelegramTweetনতুন দিল্লীত আজি বিৰোধী ইণ্ডিয়া ব্লকৰ শতাধিক নেতা-সাংসদে SIR সন্দৰ্ভত নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ গতি কৰে ওজৰ-আপত্তি জনাবলৈ। কিন্তু সংসদ ভৱনৰ পৰা কেইটামান ৰাস্তাৰ দূৰতই আৰক্ষীয়ে বেৰিকেড দি প্ৰতিবাদীসকলক আটকায়। বিৰোধীসকলৰ…

    • Current
    • August 10, 2025
    • 4 views
    • 2 minutes Read
    Baksa Gets Two New RCC Bridges to Boost Connectivity and Economic Growth

    Telegram

    TelegramTweetBaksa Gets Two New RCC Bridges to Boost Connectivity and Economic Growth Baksa, August 10: In a significant step towards strengthening road connectivity in the region, Hon’ble Chief Minister Dr.…

    Leave a Reply

    Your email address will not be published. Required fields are marked *