BTR NEWS

তামুলপুৰ জিলা এনপিএছ চৰকাৰী কৰ্মচাৰী সংস্থাৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশনৰ সামৰণি।

Telegram

তামুলপুৰ জিলা এনপিএছ চৰকাৰী কৰ্মচাৰী সংস্থাৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশনৰ সামৰণি।

 

তামুলপুৰ, ৫ জানুৱাৰীঃ

 

সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থা তামুলপুৰ জিলাৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশন আৰু মুকলি সভাৰ সফল সামৰণি পৰে। তামুলপুৰ মহাবিদ্যালয়ত আজি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা মুকলি সভাখনত সভাপতিত্ব কৰে তামুলপুৰ জিলা সমিতিৰ সভাপতি কবিন চন্দ্ৰ বড়োৱে।

 

মুকলি সভাখনত অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাৰ উপ সভাপতি মছিউজ জামালে কয়– চৰকাৰে আমাক দয়া কৰা নায়, আমি সকলোৱে যোগ্যতাৰ ভিত্তিত হে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছো। যেতিয়ালৈকে আমাক অ’পিএছ নিদিয়ে তেতিয়ালৈকে এনপিএছ সন্থাই ধাৰাবাহিকভাবে গণতান্ত্ৰিক আন্দোলন চলাই যাব। আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিলেহে আমি আমাৰ প্ৰাপ্য অধিকাৰ আদায় কৰিবলৈ সক্ষম হম। তামুলপুৰ জিলাৰ আয়ুক্ত পঙ্কজ চক্ৰৱতীয়ে উদ্বোধন কৰা মুকলি সভাখনত নিৰ্দিষ্ট অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ যুতীয়া সম্পাদক ৰমেন বৰ্মনে কয়– আমাক এনপিএছ ও নালাগে ইউপিএছ ও নালাগে আমাক লাগে অ’পিএছ।

 

 

সেয়েহে আমি এনপিএছৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব লাগে। চৰকাৰে এনপিএছ কৰ্মচাৰীৰ দুখ বুজি পাব লাগে। সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সন্থাৰ কোষাধ্যক্ষ আব্দুল ৰ’ফ আহমেদে কয় যে– কৃষকসকল চৰকাৰৰ বাধ্য নহয়, কৃষকসকলক কৃষিকৰ্ম কৰিবলৈ চৰকাৰে বাধ্য কৰাব নোৱাৰে। ইয়াৰ বিপৰীতে আমি চৰকাৰী কৰ্মচাৰী চৰকাৰৰ হৈ কাম কৰো। ইয়াৰ পিছতো যদি কৃষকসকলে চৰকাৰক আঠু লবলৈ বাধ্য কৰাব পাৰে তেন্তে আমি চৰকাৰৰ হৈ কাম কৰিও চৰকাৰক কিয় বাধ্য কৰাব নোৱাৰিম। আজিৰ এই দিনজোৰা কাৰ্যসূচীত সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাৰ সম্পাদক অপূৰ্ব শৰ্মাৰ লগতে কোকৰাঝাৰ, বাগছা, ৰঙিয়া, নলবাৰী আদিকে ধৰি কেইবাখনো জিলাৰ এনপিএছ কৰ্মচাৰী সন্থাৰ সভাপতি সম্পাদক সহ প্ৰতিনিধি সকল উপস্থিত আছিল। ইপিনে পুৱাৰ ভাগত পতাকা উত্তোলন, স্মৃতিতৰ্পন আৰু প্ৰতিনিধি সভা অনুষ্ঠিত হয়। আজিৰ এই প্ৰতিনিধি সভাতে কামেশ্বৰ দৈমাৰীক সভাপতি আৰু নৰেন ৰাজবংশীক সম্পাদক হিচাপে লৈ আগন্তুক দুবছৰৰ বাবে তামুলপুৰ জিলা এনপিএছ চৰকাৰী কৰ্মচাৰী সংস্থাৰ সমিতিখন গঠন কৰা হয়।

Exit mobile version