তামুলপুৰ জিলা উন্নয়ন মঞ্চৰ মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাক স্মাৰক পত্ৰ প্ৰদান।

Telegram

তামুলপুৰ জিলা উন্নয়ন মঞ্চৰ মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাক স্মাৰক পত্ৰ প্ৰদান।

 

তামুলপুৰ, ৭ জুলাইঃ

 

অসমৰ মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাই ৪ জুলাইত দিনজোৰা কাৰ্যসূচীৰে তামুলপুৰ ভ্ৰমণ কৰাৰ সময়তে তামুলপুৰ জিলা উন্নয়ন মঞ্চই পোন্ধৰ দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰ যোগে তেওঁলোকে প্ৰকাশ কৰে যে– বিটিআৰত বসবাস কৰা খিলঞ্জীয়াৰ ভূমি অধিকাৰ ৰক্ষা, তামুলপুৰ জিলাত পূৰ্ণাংগ পৰ্যায়ৰ স্নাতক বিজ্ঞান আৰু বাণিজ্য মহাবিদ্যালয় স্থাপন, তামুলপুৰ জিলাত আইন মহাবিদ্যালয় আৰু শিক্ষক প্রশিক্ষণ মহাবিদ্যালয় স্থাপনৰ ব্যৱস্থা গ্রহণ, তামুলপুৰ জিলাত কাৰিকৰী শিক্ষণ মহাবিদ্যালয় স্থাপনৰ ব্যৱস্থা গ্রহণ, তামুলপুৰ জিলাখন পূর্ণাংগ ৰূপ দিয়াৰ ব্যৱস্থা গ্রহণ, তামুলপুৰ জিলাত এটি আটকধুনীয়া আবর্তভৱন স্থাপন, তামুলপুৰ জিলাত কৃষক ৰাইজৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা গ্রহণ, তামুলপুৰ এখন কৃষিপ্ৰধান ঠাই হিচাপে- তামুলপুৰ জিলাত শীতল ভঁৰাল স্থাপনৰ ব্যৱস্থা গ্রহণ, হাতী মানুহৰ সংঘাত নির্মূলৰ ব্যৱস্থা গ্রহণ, তামুলপুৰ জিলাৰ যাতায়ত উন্নতিকৰণৰ ব্যৱস্থা গ্রহণ, গোৰেশ্বৰ চহৰত ৰে’ল পথৰ ওপৰত উৰণীয়া সেঁতু নিৰ্মাণৰ ব্যৱস্থা গ্রহণ, গোৰেশ্বৰ সামূহিক স্বাস্থ্য কেন্দ্র (CHC) টো প্ৰথম ৰেফাৰেল ইউনিট (FRU) লৈ উন্নীত কৰণৰ ব্যৱস্থা গ্রহণ, তামুলপুৰ (গোৰেশ্বৰ চ’ক) ৰ পৰা গোৰেশ্বৰ চহৰলৈ যোৱা পথছোৱাত পুথিমাৰী নদীৰ ওপৰত পকী দলং নিৰ্মাণৰ ব্যৱস্থা গ্রহণ, বাইহাটা চাৰিআলিৰ পৰা বগামাটিলৈ দুটা লেনযুক্ত (Two Lane) যুক্ত পথলৈ উন্নীত কৰণৰ ব্যৱস্থা গ্রহণ আৰু গোৰেশ্বৰ চহৰ মহকুমালৈ উন্নীতকৰণৰ ব্যৱস্থা গ্রহণ কৰিবলৈ মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই। উক্ত স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচীত বাৰ্তাপখিলীৰ সম্পাদক ব্ৰজেন্দ্ৰ নাথ ডেকা, তামুলপুৰ শাখা সাহিত্য সভাৰ উপ-সভাপতি গনেশ ৰাভা, সম্পাদক অনুপ নাথ সহিতে তামুলপুৰ জিলা উন্নয়ন মঞ্চৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে।

  • Related Posts

    • Current
    • September 14, 2025
    • 5 views
    • 1 minute Read
    তামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল

    Telegram

    TelegramTweetতামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল।   তামুলপুৰ, ১৪ ছেপ্টেম্বৰঃ বিটিআৰৰ ৰাজনৈতিক ক্ষেত্ৰত পুনৰবাৰ UPPL দলে বলীয়ান উপস্থিতি জনালে। দলৰ নীতি-আদৰ্শ আৰু সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত হোৱা উন্নয়নৰ…

    • Current
    • September 14, 2025
    • 6 views
    • 1 minute Read
    তামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।

    Telegram

    TelegramTweetতামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।     বিগত পাছ বছৰত প্ৰমোদ প্ৰমোদ বড়োৱে যেনেকৈ ৰাইজক ঠগাইছিল থিক তেনেদৰে এইবাৰ বিটিচিৰ ৰাইজে প্ৰমোদ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *