
তামুলপুৰ জিলাৰ বৰলকুছিত ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবীত সদৌ বিটিআৰ অনুসূচীত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ।
হিন্দু বাঙালী সকলৰ ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবীত আজি আবেলি তামুলপুৰ জিলাৰ বৰলকুছিত সদৌ বিটিআৰ অনুসূচীত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত আৰু তামুলপুৰ জিলা সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত ডি ভোটাৰ প্ৰত্যাহৰ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় ।
প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ হায় হায়, হিন্দু বাঙালী সকলৰ ডি ভোটাৰ গোচৰ প্ৰত্যাহাৰ কৰক, হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ, সদৌ বিটিআৰ অনুসূচীত জাতি ছাত্ৰ সন্থা জিন্দাবাদ, বিজেপি চৰকাৰ গ’বেক, হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ, উই ৱাণ্ট জাষ্টিচ, আমাৰ দাবী নায্য দাবী আদি শ্লোগানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিবেশ।
ইপিনে প্ৰতিবাদ স্থলীৰ পৰাই হিন্দু বাঙালী সকলৰ ডি ভোটাৰ প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক আহ্বান জনোৱাৰ লগতে অনাগত দিনত গোচৰ প্ৰত্যাহাৰ নকৰিলে ইয়াতকৈ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে ।