তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তত বিশ্ব পৰিৱেশ দিৱস পালন।

Telegram

তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তত বিশ্ব পৰিৱেশ দিৱস পালন।

আামৰ অসমৰ প্ৰতিবেদকঃ

তামুলপুৰঃ৫জুনঃ

তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তত আজি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় বিশ্ব পৰিবেশ দিৱস ৷ বিশ্বব্যাপী প্লাষ্টিক প্ৰদূষণৰ অৱসান শীৰ্ষক শ্লোগান লৈ আজি সমগ্ৰ বিশ্বতে পৰিবেশ দিবস পালন কৰাৰ সমান্তৰালভাৱে তামুলপুৰ জিলা প্ৰশাসনৰ সৌজন্যত তামুলপুৰ পৌৰ সভা আৰু তামুলপুৰ ভূমি সংৰক্ষণ সংমণ্ডল প্ৰাধিকাৰী, বনবিভাগ আৰু সাংস্কৃতিক বিভাগৰ সহযোগ বিশ্বপৰিবেশ দিৱস উপলক্ষে বৰখোপাত এক গছপুলি ৰোপন কাৰ্যসূচী আৰম্ভ কৰে। পিছত তামুুলপুৰ আঞ্চলিক দুৰ্গা মন্দিৰ ৰ সভাগৃহত প্লাষ্টিক বৰ্সজনৰ আহ্বানেৰে এখন সভা অনুষ্ঠিত কৰা হয়। য’ত সাংস্কৃতিক বিভাগৰ সহযোগত “নদীৰ অসুখ —বিশ্বব্যাপী প্লাষ্টিক প্ৰদূষণৰ অৱসান” শীৰ্ষক বাটৰ নাট এখন অভিজিত দেউৰীৰ পৰিচালনাত প্ৰদৰ্শন কৰা হয়। সমগ্ৰ অনুষ্ঠানত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী, আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, পৌৰপতি বাণীকান্ত বসুমতাৰী সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আজিৰ এই কাৰ্যসূচীত উপস্থিত থাকি কেইবাজোপা ও গছপুলি ৰোপণ কৰে। তামুলপুৰ জিলাৰ মিছন বিকল্পৰ অধীনত ভেলামাৰী গাঁৱত বিশ্বপৰিবেশ দিৱস উদযাপন কৰা হয়। তাৰোপৰি কুমাৰীকাটা বনবিভাগ আৰু এছ এছ বিৰ সহযোগত বগাজুলিত বিশ্ব পৰিবেশ দিৱস উপলক্ষে গছপুলি ৰোপন কৰে । তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ বগামাটিৰ পশ্চিম দিশত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষকৰ উপস্থিতিত গছপুলি ৰোপন। ভুটানৰ পৰা বৈ অহা অসমা অৰংগা বান্ধৰ কাষে কাষে কেইবাটাও সংস্থাৰ সহযোগত জিলা প্ৰশাসনে ৰোপন কৰে গছপুলি সমূহ। আজি জিলা প্ৰশাসনৰ উদ্যোগত বগামাটিৰ কেইবাটাও প্ৰান্তত বন বিভাগ, গ্ৰাম্য বিকাশ মঞ্চ, গেৰেমছা, গ্ৰীণ গ্লোৱ, গয়বাৰী ছয়পত্ৰি ফাউণ্ডেচন, অসমা অৰংগা বান্ধ কমিটি, এছ এছ বি আৰু ৰাইজৰ সহযোগত জিলা প্ৰশাসনে ৰোপন কৰা হয় বিভিন্ন ফল-মূল আৰু হাতীৰ উপযোগী গছপুলি সমূহ।সীমান্তত নতুন সেউজ বিপ্লৱৰ লক্ষ্যৰে কেইবা হাজাৰ পুলি ৰোপনৰ লক্ষ্যৰে এইদৰে বিশ্ব পৰিৱেশ দিৱসৰ বিশেষ দিনটোত ৰোপন কৰিছে গছপুলি সমূহ।আগন্তুক কেইবাদিনো ধৰি চলিব এই গছপুলি ৰোপন কাৰ্যসূচী। বিটিআৰৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাস, সহ প্ৰতিটো সংস্থাৰ বিষয়া সকল উপস্থিত থাকে দিনজোৰা কাৰ্য্যসূচীত।

  • Related Posts

    • Current
    • September 18, 2025
    • 3 views
    • 1 minute Read
    ২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 

    Telegram

    TelegramTweet২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  আমি কোকৰাঝাৰত দিয়া টকা কত গৈছে বিটিআৰ ৰাইজে নাজানে। বিটিৰাত এন্দুৰ, নেগুনি থকাৰ বাবে বিটিআৰত উন্নয়ন…

    • Current
    • September 17, 2025
    • 12 views
    • 1 minute Read
    তামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি

    Telegram

    TelegramTweetতামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি   তামুলপুৰ, ১৭ ছেপ্টেম্বৰঃ   বিটিচি নিৰ্বাচন, ২০২৫ শৃংখলাৱদ্ধভাৱে সম্পন্ন হোৱাৰ বাবে তামুলপুৰ জিলাৰ জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *