BTR NEWS

তামুলপুৰ জিলাৰ গুৱাবাৰীত ৩৪ সংখ্যক নেপালী ভাষা মান্যতা দিৱস উদযাপন

Telegram

তামুলপুৰ জিলাৰ গুৱাবাৰীত ৩৪ সংখ্যক নেপালী ভাষা মান্যতা দিৱস উদযাপন

 

তামুলপুৰ জিলাৰ ভূটান সীমান্তত অৱস্থিত গুৱাবাৰীত আজি দিনযোৰা কাৰ্যসূচীৰে ৩৪ সংখ্যক নেপালী ভাষা মান্যতা দিৱস উদযাপন কৰা হয়। অনুষ্ঠানটোৰ আয়োজন কৰে অসম গোৰ্খা সন্মিলন গুৱাবাৰী শাখাৰ সমিতিয়ে।

 

দিৱসটো উপলক্ষে অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিছিল অসম ৰাজ্যিক বিজেপিৰ সম্পাদক তথা অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা। লগতে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি আৰু গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাংয়ে।

 

উল্লেখযোগ্য যে, দীৰ্ঘদিনীয়া আন্দোলন আৰু সংগ্ৰামৰ অন্তত ১৯৯২ চনৰ ২০ আগষ্টৰ দিনটোতে নেপালী ভাষাই ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত স্থান লাভ কৰিছিল। সেইবাবে প্ৰতিবছৰে ২০ আগষ্টৰ দিনটো দেশজুৰি নেপালী ভাষা মান্যতা দিৱস ৰূপে পালন কৰা হয়।

 

Exit mobile version