তামুলপুৰ জিলাৰ কুমাৰীকাটাত মঙলবাৰে বিয়লি ব্যতিক্ৰম ৰূপত তামুলপুৰ মহকুমা ট্ৰাক মালিক সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰে পথ সুৰক্ষাৰ সজাগতামূলক সভা। সভাত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী, জ্যেষ্ঠ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীকে আদিকৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি পথ সুৰক্ষাৰ ক্ষেত্ৰত সকলোকে সজাগ হবলৈ আহ্বান জনায়। সভাত দুচকীয়া বাহনৰ ক্ষেত্ৰত হেলমেট পৰিধান কৰিবলৈ আহ্বান জনোৱাৰ লগতে যিকোনো গধুৰ যানবাহন চলাচলত সম্পূৰ্ণ নীতিনিয়ম মানি চলিবলৈ সকলোকে আহ্বান জনায়। এইক্ষেত্ৰত যানবাহন চলাচলত কোনো লোকে নিয়ম ভংগ কৰিলে আইনগতভাৱে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলি তামুলপুৰ জিলাৰ আয়ুক্ত পঙ্কজ চক্ৰৱৰ্তীয়ে সকলোকে শকিয়াই দিয়ে। তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী তথা জ্যেষ্ঠ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীয়ে যানবাহন চালক সকলক কোনোধৰণৰ মাদক-দ্ৰৱ্য সেৱন কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱাৰ লগতে যানবাহন চালক সকলে নিজৰ ঘৰত থকা পৰিয়াল বৰ্গই তেওঁলোকৰ অপেক্ষাত ৰৈ থকা কথাটো মনত ৰাখি সাৱধানতাৰে যানবাহন চলাবলৈ সকলোকে আহ্বান জনায়।